পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বান সাহায্য বিতৰণ…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই বান ক্ষতিগ্ৰস্ত এলেকাত উপস্থিত হৈ ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে ।

প্ৰলয়ংকাৰী বানে তচনচ কৰি যোৱা চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নম্বৰ ভুৰবন্ধা আৰু কলিয়াৱৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে বান সাৰ্হায্য বিতৰণ কৰে ।

দুয়োটা স্থানতে উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কেইবা শতাধিক ৰাইজ তথা শিশুৰ মাজত পানী,বিস্কুট,চাউল,মুড়ি,মেছ,নিমখ আৰু কাপোৰ বিতৰণ কৰে । উল্লেখ্য যে অলপতে হৈ যোৱা ভয়াৱহ বাঢ়নী পানীত ভুৰবন্ধা আৰু বৰঘুলি অঞ্চল দুটা বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল ।

The post পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বান সাহায্য বিতৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YlhYiJ
via IFTTT

Comments