১৩ আগষ্টত ধুবুৰীত ৰাষ্ট্ৰীয় লোক আদালত…

ডিজিটেল সংবাদ ধুবুৰীঃ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশনাত অহা ১৩ আগষ্টত দেশৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব৷ মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ গোচৰ, চেক বাউন্সজনিত গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, গাৰ্হস্থ্য হিংসা তথা খোৰাকীজনিত গোচৰ, যান-বাহন আইন সংক্ৰান্তীয় গোচৰ আদিৰ আপোচ মীমাংসাৰ জৰিয়তে লোক আদালতত নিষ্পত্তি কৰা হ’ব৷

বিচাৰাধীন গোচৰৰ বাহিৰেও ভৱিষ্যতে গোচৰ দাখিল হোৱাৰ সম্ভাৱনা থকা বেংকৰ ঋণ আদায়জনিত গোচৰ, বিদ্যুৎ বিভাগৰ বকেয়া মাচুল আদায়জনিত গোচৰ আদিৰ বাবেও লোক আদালত অনুষ্ঠিত হ’ব৷ উক্ত গোচৰসমূহৰ ক্ষেত্ৰত ‘প্ৰাক লোক আদালত সমঝোতা বৈঠক’ৰ ব্যৱস্থা কৰা হৈছে৷

বৈঠকত মধ্যস্থতাকাৰীসকলৰ হস্তক্ষেপত আলোচনাৰ মাধ্যমেৰে বিবাদ নিস্পত্তি কৰা হ’ব যাতে ভৱিষ্যতে আদায়জনিত গোচৰ আদালতত দাখিল কৰিবলগীয়া নহয়৷ যদি কোনোবাই ইতিমধ্যে তেনেধৰণৰ গোচৰৰ জাননী পাইছে বা ভৱিষ্যতে পোৱাৰ সম্ভাৱনা আছে তেওঁলোকে প্ৰাক লোক আদালতৰ বৈঠকত যোগদান কৰি নিজৰ বিবাদ বা গোচৰ নিষ্পত্তিৰ সুবিধা পাব বুলি ধুবুৰী আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা জনোৱা হৈছে৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/axjmtHV
via IFTTT

Comments