বকোৰ বিদ্যালয়ত শিক্ষা বিভাগৰ নিৰ্দেশনাকলৈ হাহাকাৰ…

ডিজিটেল সংবাদ,ছমৰীয়া-:হীৰকজয়ন্তী বৰ্ষ উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা দক্ষিন কামৰূপৰ বকোৰ গোহালকনা উচ্চ মাধ্যমিক বিদ্যালয়ত হাহাকাৰ।এটা অপ্ৰত্যাশিত খবৰে হাহাকাৰ লগাইছে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আৰু ৰাইজৰ মাজত।চিৰদিনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বন্ধ কৰিব বিদ্যালয়খন।

১৯৪৮ চনত স্থাপিত হোৱা অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়লৈ এই নিৰ্দেশাৱলী অহাৰ পিছতেই বহুজনৰ চকুত চকুলো বোৱা পৰিলক্ষিত হৈছে।শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত মৰ্মাহত বকোৰ গোহালকোনা অঞ্চলৰ বৌদ্ধিক মহল।

এই খবৰৰ পিছতে এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ,ছাত্ৰ-ছাত্ৰী,অভিভাৱক সকল।উল্লেখ্য বহুবছৰ ধৰি শৈক্ষিক দিশত উন্নত ফলাফল প্ৰদৰ্শন কৰা গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যোৱা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আছিল শূন্য।তাৰ বাবে বিদ্যালয়খন বন্ধ কৰিবলৈ লোৱা কাৰ্য সহিব পৰা নাই ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে।

তাৎপৰ্যপূৰ্ন যে ২০১৭ চনৰে পৰা বিগত পাঁচ বছৰে বিদ্যালয় খনত নাই প্ৰধান শিক্ষক। বিগত পাচ বছৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকেৰে চলি আছে গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়।প্ৰাপ্ত তথ্য মতে বৰ্তমান বিদ্যালয় খনত ৫জন শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনত নিয়মীয়াকৈ পাঠদান কৰি আছে।উল্লেখ্য যে গোহালকোনা গাঁৱৰ গাঁওবাসী জনছন জে চাংমাই সংবাদ মাধ্যমৰ আগত কয় যে “গোহালকোনা হাইস্কুল গঠন হোৱা বহুবছৰ হল।বিদ্যালয়খনৰ ইতিহাস হিচাপে ১৯৩৩ চনত দ্য গোহলকোনা এম ভি স্কুল স্থাপন কৰা হৈছিল আৰু সেই সময়ত এইখনেই একমাত্ৰ বিদ্যালয়”।

“মেঘালয় ৰাজ্য চৰকাৰৰ বাবে সেৱা আগবঢ়োৱা বহুতো গাৰো জনজাতীয় বিষয়া এই বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হৈছিল।গতিকে এই কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ গাৰো জনগোষ্ঠী সকল,গাৰো জনসাধাৰণৰ বাবে এইখন এখন অতি গৌৰৱময় বিদ্যালয়।গতিকে অসম চৰকাৰলৈ অনুৰোধ জনালোঁ বিদ্যালয় খনলৈ এবাৰ আহি তেওঁলোকে কি পাইছে সেইটো জানিহে সিদ্ধান্ত ল’ব”।

লগতে কামৰূপ জিলা গাৰো ছাত্ৰ সন্থাৰ সভাপতি হাদ্ৰিক ডি চাংমাই কয় যে,”এই বিদ্যালয়খন ১৯৪৮ চনত স্থাপন কৰা হৈছে এতিয়া ইয়াৰ প্ৰায় ৭৫ বছৰ সম্পূৰ্ণ হৈছে।যোৱা ৪-৫ বছৰৰ পৰা এই বিদ্যালয়খনৰ ফলাফল মধ্যমীয়াভাৱে ভাল হৈছে কেৱল যোৱা বছৰ অৰ্থাৎ এইবাৰৰ ফলাফল শূন্য আছিল এই বিদ্যালয়খনে মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্তী দক্ষিণ কামৰূপ জিলাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ গাৰো জনজাতীয় জনসংখ্যাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা প্ৰদান কৰে”।

তেওঁ লগতে কয় যে ”এই বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী অৰ্থাৎ ইয়াত নামভৰ্তি কৰা প্ৰায় ১৯১ জন ছাত্ৰ-ছাত্ৰী লোকচানত পৰিব আৰু তেওঁলোকে কোনো ক’লৈকো যাব নোৱাৰিব যিহেতু ওচৰতে গাৰো মাধ্যমৰ কোনো বিদ্যালয় নাই।গতিকে আমি এই বিদ্যালয়খন বন্ধ হোৱাটো নিবিচাৰো।গোহালকোনা গাঁৱৰ লোকসকলক মই চৰকাৰক অনুৰোধ কৰিবলৈ কৈছো যে চৰকাৰে যেন বিদ্যালয় খন বন্ধ নকৰিবলৈ কেবিনেটত সিদ্ধান্তটো গ্ৰহণ কৰিব পাৰে”।

আৰু পঢ়ক: এছিয়া কাপত বৃহৎ অঘটন; আফগানিস্তানৰ হাতত পৰাস্ত বাংলাদেশ



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/I9USYVb
via IFTTT

Comments