দেশৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা ! চাহিদা পূৰাবলৈ মেৰুদণ্ডহীন  ব্যৱসায়…

ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত মাথো দুটা দিন থকা অৱস্থাতো পয়োভৰ কমা নাই দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিকৃত ৰূপৰ বিক্ৰী। স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপূতি উপলক্ষ্যে অনষ্ঠিত হ’বলগীয়া “স্বাধীনতাৰ অমৃত মহোৎসৱ”ক লৈ বিশাল আয়োজন  চৰকাৰৰ। ইতিমধ্যেই ‘হৰ ঘৰ ত্ৰিৰাংগা’ কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে ৰাইজক নিজৰ বাসগৃহ অথবা কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে আহ্বান জনাইছে যাৰ বাবে বজাৰত বৃদ্ধি পালে পতাকাৰ চাহিদা আৰু ইয়াৰেই গইণা লৈ একাংশ ব্যৱসায়ীয়ে ততাতীয়াকৈ প্ৰস্তুত কৰি উলিয়ালে বিকৃত পতাকা। কোনোবাখন পতাকাত যদি অশোকচক্ৰ পতাকাৰ একোণত আছে, আন কোনোবাখনত আকৌ গেৰুৱাৰ সলনি ব্যৱহাৰ কৰা হ’ল হালধীয়া ৰং। সংবাদ মাধ্যমে বাৰংবাৰ অভিযোগ উত্থাপন কৰি অহাৰ পাছতো কোনো কানসাৰ নাই ব্যৱসায়ীসকলৰ। প্ৰশাসনেও ইয়াৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই এতিয়ালৈ। উল্লেখ্য যে, ২০২১ চনৰ ৩১ ডিচেম্বৰত পূৰ্বৰ ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণৰ বাবে থকা আইনৰ সংশোধন কৰি খাদীৰ সলনি পলিয়েষ্টাৰ  ব্যৱহাৰ কৰিও পতাকা নিৰ্মাণ কৰিব পৰা যাব বুলি নতুন আইন প্ৰচলন কৰিছিল। ই পতাকাখনত হ’ব পৰা ক্ষয়-ক্ষতিৰ পৰিমান হ্ৰাস কৰিব বুলি মন্তব্য কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

আৰু পঢ়ক : ৰুশ্বডীক হত্যাৰ বাবে ৩ নিযুত ডলাৰৰ ঘোষণা কোনে কৰিছিল…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/y69gPRV
via IFTTT

Comments