খৰাঙে দহিছে ৰাজ্য, কৃষকৰ মাজত হাহাকাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বছৰৰ আৰম্ভণিতে বানৰ ভয়াবহ পৰিস্থিতিৰ পিছত বৰ্তমান খৰাঙে দহিছে ৰাজ্য। বৰষুণৰ অভাৱত ভাদ মাহতো কৃষকে ৰুব পৰা নাই কঠিয়া। বটদ্ৰৱাৰ পথাৰত সম্প্ৰতি দুখজনক দৃশ্য। বতৰৰ প্ৰতিকুল প্ৰভাৱৰ বাবেই সম্প্রতি বটদ্ৰৱাৰ খেতি-পথাৰ সমূহত চিৰাল ফাঁট মেলাত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

এফালে অত্যাধিক খৰাং পৰিস্থিতি আৰু আনফালে পানীৰ অভাৱত খেতি-পথাৰ সমূহত চিৰাল ফাঁট। নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱা অঞ্চলত থকা জলসিঞ্চন আঁচনি সমূহ সীমিত অঞ্চলৰ পথাৰতহে আছে। বিপৰীতে অধিকাংশ অঞ্চলত নাই জলসিঞ্চনৰ ব্যৱস্থা। মাত্ৰ সীমিত ঠাইত আঁচনি আছে যদিও নলা সমূহ ভাঙি যোৱাৰ বাবে কৃষকে ব্যপক সমস্যাত পৰিব লগীয়া হৈছে।

অঞ্চলটোৰ কৃষক সকলে ওৰেটো বছৰ পৰিয়াল পোহপাল দিয়াৰ বাবে মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰি কঠিয়া পেলাইছিল যদিও খৰাং বতৰৰ চৰকাৰী আঁচনি অভাৱৰ বাবে সকলো সপোন চূৰমাৰ হৈছে। উল্লেখ্য যে কৃষিপ্ৰধান বটদ্ৰৱা অঞ্চলৰ ৰাইজে বিশেষকৈ শালি ধানৰ খেতিক অগ্রাধিকাৰ দি আহিছে।

কিন্তু বিগত এমাহ ধৰি বৰষুণৰ অভাৱত কঠিয়া ৰোৱাৰ শেষ সময় হৈছে যদিও এতিয়া খৰাং পৰিস্থিতিয়ে কৃষক ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে। যাৰ বাবে কৃষকে চৰকাৰৰ পৰা সহায় বিচাৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3VsUKqn
via IFTTT

Comments