কোভিডৰ মাজতো দৰঙত শাখা সাহিত্য সভাৰ সংখ্যা ৪৯ লৈ বৃদ্ধিঃ প্ৰকাশ কৰিলে ৪০ ৰো অধিক গ্ৰন্থ…

ডিজিটেল সংবাদ মঙলদৈঃ অসম সাহিত্য সভাৰ ২০০৭-০৯ আৰু ২০১৫-১৭ বৰ্ষৰ দুবাৰকৈ শ্ৰেষ্ঠ জিলাৰ বঁটাৰে সন্মানিত দৰং জিলা সাহিত্য় সভাই চলিত ২০২০-২২ বৰ্ষৰ কাৰ্য কালত কোভিডকালীন পৰিস্থিতিৰ মাজতো ৮ টা শতদল শাখা, ২৫ টা স্বৰ্ণ শাখা আৰু ১৬ টা সাধাৰণ সক্ৰিয় শাখাকে ধৰি সক্ৰিয় শাখাৰ সংখ্যা ৪৯ টালৈ বৃদ্ধি কৰি ইতিমধ্যে অসম সাহিত্য সভাৰ এক অন্যতম সক্ৰিয় আৰু সাংগঠনিক ভাৱে শক্তিশালী জিলা সভা হিচাপে পৰিগণিত হৈছে। আটাইতকৈ বেছ স্বৰ্ণ শাখাৰে সমৃদ্ধ জিলা সভা হিচাপে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠত্ব লাভ কৰিলে দৰং জিলা সভাই।

তদুপৰি বিগত দুবছৰীয়া প্ৰতিকুল পৰিস্থিতিৰ মাজতো কেইবাখনো মূল্যবান গ্ৰন্থৰ সৈতে মুঠ ৪০ ৰো অধিক গ্ৰন্থ আৰু জিলা সভাই এটা কাৰ্যকালত প্ৰকাশ কৰিবলগীয়া চাৰিখন পত্ৰিকাৰ ভিতৰত চাৰিওখন পত্ৰিকাই অতি সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। ইয়াৰোপৰি দৰঙৰ বসন্ত উৎসৱ দেউল, কবিকন্ঠ-২, দৰঙৰ ইতিহাস, দৰঙৰ পৰিৱেশ্য কলা আদি গ্ৰন্থকে কৰি আন ভালেমান গ্ৰন্থ উন্মোচনৰ বাবে সাজু হৈ উঠিছে আৰু আন কেইবাখনো গ্ৰন্থ প্ৰকাশৰ পথত আছে।

যোৱা ৫ আগষ্ট, ২০২২ তাৰিখ শুকুৰবাৰে আবেলি ৩-৩০ বজাৰ পৰা সাহিত্য সভা প্ৰকল্প, মঙলদৈত দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি বৰদা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত (মূল) সম্পাদক গৌতমানন্দ গোস্বামীয়ে জিলা সভাৰ চলিত কাৰ্যকালৰ বিভিন্ন দিশৰ এক খতিয়ান দাঙি ধৰে। তেখেতৰ পৰা বিতং খতিয়ান অৱগত হোৱাৰ পাছত কাৰ্যনিৰ্বাহক সভাই সন্তোষ প্ৰকাশ কৰে।

কাৰ্যনিৰ্বাহক সভাত ধনভঁৰালী কেশৱ চন্দ্ৰ চহৰীয়াই বিগত ২১/০৩/২০২০ তাৰিখৰ পৰা ৩০/০৬/২০২২ তাৰিখলৈ জমা-খৰচৰ বিতং হিচাব দাঙি ধৰে। সভাই অতি শীঘ্ৰে হিচাব পৰীক্ষকৰ জৰিয়তে সম্পূৰ্ণ হিচাব পৰীক্ষা কৰোৱাই পুনৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সভাত দাখিল কৰি অনুমোদন জনোৱাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দি প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাত অহা ২১ আগষ্ট, ২০২২ তাৰিখ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে এখনি পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিবলৈ সিদ্ধান্ত লোৱা হয়।কাৰ্যনিৰ্বাহক সভাই অনাগত দিনত জিলা সভাৰ যি লক্ষ্য আৰু উদ্দেশ্যে, তাক সঠিক দিশত আগুৱাই নিবলৈ সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টা চলাবলৈ সংকল্প লৈ প্ৰস্তাৱ গ্ৰহণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eKp7tiS
via IFTTT

Comments