আন্তৰ্জাতিক চন্দ্ৰ শীৰ্ষক আলোকচিত্ৰ প্ৰতিযোগিতাত প্ৰথম স্থান মঙলদৈৰ গৌতম ডেকাৰ…

ডিজিটেল ডেস্ক, মঙলদৈ : ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা চন্দ্ৰত মানুহে অৱতৰণ কৰা ঐতিহাসিক দিনটোৰ স্মৃতিচাৰণ হিচাবে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই আয়োজন কৰা আন্তৰ্জাতিক চন্দ্ৰ শীৰ্ষক আলোকচিত্ৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি অসমৰ লগতে দৰং জিলালৈ বিৰল সন্মান কঢ়িয়াই আনিলে মঙলদৈৰ কলিতাপাৰা নিৱাসী আলোকচিত্ৰ শিল্পী গৌতম ডেকাই ৷ ২০ জুলাইৰ দিনা আয়োজিত এই প্ৰতিযোগিতাত যোগদান কৰা গৌতম ডেকাই মঙলদৈৰ সমীপৰ চেৰেং চাপৰিত গুৰু পূৰ্ণিমাৰ নিশা তোলা চন্দ্ৰৰ এখন আকৰ্ষণীয় আলোকচিত্ৰৰে দেশ বিদেশৰ আলোকচিত্ৰ শিল্পী সকলৰ ভিতৰত উজ্বলি উঠিবলৈ সক্ষম হয় ৷
১০ আগষ্টৰ দিনা ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ ৱেবচাইটত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি উৎফুল্লিত হৈছে গৌতম ডেকা ৷ ২০১৬ চনত স্থাপত্যবিদ্যাত স্নাতক সন্মান লাভ কৰা উদীয়মান আলোকচিত্ৰ শিল্পী গৰাকীয়ে ২০১২ চনত আলোকচিত্ৰ শিল্পী হিচাবে আত্মপ্ৰকাশ কৰি ২০১৩ চনৰ পৰা এষ্ট্ৰ ফটোগ্ৰাফীত বিশেষভাৱে মনোনিৱেশ কৰে ৷ ২০১৫ চনত অসম পৰ্যটনে আয়োজন কৰা ‘মেগনিফিচেন্ট অসম’ শীৰ্ষ আলোকচিত্ৰ প্ৰতিযোগিতাত প্ৰথম আৰু ‘পৰম্পৰাগত অসম’ শীৰ্ষ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা গৌতম ডেকাই।
সম্প্ৰতি বিবাহ আলোকচিত্ৰ শিল্পী হিচাৱে পেচাগত ভাৱে কাম কৰাৰ উপৰিও চখ হিচাপে বাছি লৈছে ‘এষ্ট্ৰ ফটোগ্ৰাফী’ ৷ দৰং ফটোগ্ৰাফী এছোছিয়েশ্যনৰ অন্যতম প্ৰতিষ্ঠাপক গৌতম ডেকাৰ এই সাফল্যত অভিনন্দন জনাইছ মঙলদৈ প্ৰেছ ক্লাৱ, দৰং জিলা সাহিত্য সভা, মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰাম, সেউজী অসম আদি সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠানে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/N428MEO
via IFTTT
Comments
Post a Comment