নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত প্ৰভাত ফেৰী…

ডিজিটেল সংবাদ নুমলীগড়ঃ আজাদীকা অমৃত মহোৎসৱ উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি পুৱা প্ৰভাত ফেৰী কাৰ্যসূচী অনুস্থিত হয়। আটছাৰ বোকাখাত শাখাৰ সম্পাদক অমৃত সাগৰে উদ্বোধন কৰা প্ৰভাত ফেৰী বিদ্যালয়খনৰ পৰা ওলাই ৩৭ আৰু ৩৯ ৰাষ্ট্ৰীয় পথৰে নুমলীগড় চাহ বাগিছাৰ কলঘৰ হৈ পুনৰ পাইপ লাইন পথৰে বিদ্যালয়খনলৈ আহে। প্ৰভাত ফেৰীত ছাত্ৰ-ছাত্ৰী,অভিভাৱক, শিক্ষক, শিক্ষয়ত্ৰীসহ পাঁচ শতাধিকে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীয়ে দেশ ভক্তিমূলক গীতেৰে পৰিৱেশ জীপাল কৰি তুলে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/iaDmQAl
via IFTTT
Comments
Post a Comment