ৰুশ্বডীক হত্যাৰ বাবে ৩ নিযুত ডলাৰৰ ঘোষণা কোনে কৰিছিল…

ডিজিটেল ডেস্ক : মুক্ত বাক্ স্বাধীনতাৰ সমৰ্থক, বুকাৰ প্ৰাইজ বিজয়ী অতুলনীয়া প্ৰকিভাধৰ ছলমান ৰুশ্বডীয়ে নিউয়ৰ্কৰ চৌথাকা প্ৰতিষ্ঠানৰ আমন্ত্ৰণক্ৰমে বক্তৃতানুষ্ঠানত অংশ লৈছিল। তেওঁক ভাষণ প্ৰদানৰ আৰম্ভণিতে শ্ৰুতা-দৰ্শকৰ আগত চিনাকি কৰাই দিয়া হৈছিল আৰু সেই মুহূৰ্ততে দৰ্শকৰ মাজৰ পৰাই এজন লোক মঞ্চলৈ উঠি গৈ ৰুশ্বডীক উপৰ্যুপৰি ছুৰিকাঘাত কৰে। ততাতয়াকৈ চিকিৎসালয়ত ৰুশ্বডীক ভৰ্তী কৰোৱা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
কাৰ অৱ বুকাৰ্ছ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডী তেওঁৰ বিভিন্ন লিখনিৰ বাবে সমালোচিত হৈ আহিছে। ‘দা ছাটানিক ভাৰ্ছেছ’ নামৰ কিতাপখনে ইছলামক অৱমাননা কৰা বুলি বিশ্বৰ বিভিন্ন দেশত বিতৰ্কৰ সৃষ্টি কৰিছিল। ইৰানে এই কিতাপখন নিষিদ্ধ কৰে আৰু ইৰানৰ ধৰ্মীয় শীৰ্ষনেতা আয়াতুল্লা খোমেইনীয়া ৰুশ্বডীক হত্যাৰ নিৰ্দেশ দিছিল। এই গ্ৰন্থখনৰ পৰাই তেওঁ বিতৰ্কত সোমাই পৰিছিল আৰু ইছলামিক সমাজত প্ৰভাৱ পেলোৱাৰ বাবেই ইছলামিক সমাজৰ ৰোষত পৰিছিল লেখকগৰাকী।
উল্লেখ্য যে বিভিন্ন সময়ত বিভিন্ন জনৰ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছিল ৰুশ্বডী। ৰুশ্বডীক যিয়ে হত্যা কৰিব তেওঁক ৩ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ দিয়াৰ কথাও ইৰানৰ ধৰ্মীয় শীৰ্ষনেতা আয়াতুল্লা খোমেইনীয়াই ঘোষণা কৰিছিল। আৰু তেতিয়াৰ পৰাই ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয় দেশৰ নাগৰিকত্ব লাভ কৰা ৰুশ্বডীয়ে লনডনত আত্মগোপন কৰাৰ দৰে বসবাস কৰি আহিছিল।
আৰু পঢ়ক : বকোত সংঘটিত চুৰিকাণ্ড, চোৰে লৈ গ’ল এখন বলেৰ’ পিকআপ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/w7l5Ecq
via IFTTT
Comments
Post a Comment