বকোত বালি খননৰ বিৰুদ্ধে অভিযান, ৩টা বালি খনন কৰা মেচিন জব্দ…

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত বুধবাৰে বালি মাফিয়াক খেদিবলৈ বনবিভাগে দুইজাঁই গুলি নিক্ষেপ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণ মতে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাৰ নদীত বালি মাফিয়াই দিনে-নিশাই মেচিনেৰে বালি খনন কৰি বিভিন্ন ঠাইলৈ অবৈধ ভাবে সৰবৰাহ কৰে।
এলেকাটোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বকোৰ শিংৰা নদীত বনবিভাগৰ দল এটাই বালিখননৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত বনবিভাগৰ দলটোৱে প্ৰথমে বকো হাহিমপথত এখন বালি কঢ়িওৱা ট্ৰেক্টৰ জব্দ কৰে। ইয়াৰ পিছত দলটোৱে শিংৰা নদীৰ ৰৌমাৰী আৰু লালমাটি ঘাটৰ মাজৰ সাহীপাৰাত বালিখনন কৰা তিনিটাকৈ মেচিন জব্দ কৰিবলৈ সক্ষম হয়।
বালি মাফিয়াই বনবিভাগৰ হাতৰ পৰা মেচিন কেইটা কাঢ়ি নিয়াৰ বাবে চেষ্টা কৰে। ফলত দুয়োপক্ষৰ মাজত মুকলি সংঘাত হয়। বনবিভাগৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শূন্যলৈ দুই জাঁই গুলি নিক্ষেপ কৰি বালি মাফিয়াৰ দলটোক সেই ঠাইৰ পৰা খেদি পঠিয়াই। সম্প্ৰতি বিভাগটোৱে ট্ৰেক্টৰখনৰ লগতে বালি খনন কৰা মেচিন তিনিটা জব্দ কৰি বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ৰাখিছে ।
বনবিভাগৰ দলটোৱে বালি খননত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল । আনহাতে নদীত বালিখননত ব্যৱহাৰ কৰা বহু কেইটা মেচিন নদীৰ ঘাটৰ পৰা বালি মাফিয়াই নি আন ঠাইত লুকুৱাই থোৱা বুলি জানিবপৰা গৈছে।
উল্লেখযোগ্য যে বকোৰ বকো , শিংৰা , জলজলী, শিঙুৱাকে ধৰি বহু কেইখন নদীৰ পৰা বালি মাফিয়াই দিনে-নিশাই বালি খনন কৰি বিভিন্ন ঠাইত অবৈধ ভাবে বিক্ৰী কৰি আহিছে । নৈবোৰৰ পৰা মেচিনেৰে বালি খনন কৰি ট্ৰেক্টৰ, ডি আই , ডাম্পাৰ আদি গাড়ীৰে প্ৰথমে বকোৰ বিভিন্ন ঠাইত থুপাই থয়।
এনেদৰে থুপাই থোৱা বালিৰ দমে বহু কেইটা বাট-পথ বন্ধ কৰি পেলাইছে । ৰাইজে এই সন্দৰ্ভত বনবিভাগক অভিযোগ দাখিল কৰি অহাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত পথৰ সন্মুখত ‘এই পথেৰে বালি সৰবৰাহ বন্ধ ‘ – বুলি চাইনব’ৰ্ড আঁৰি থৈছে । ইয়াৰ পিছতো কিন্ত অবৈধ বালি সৰবৰাহ বন্ধ হোৱা নাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pQCgGJh
via IFTTT
Comments
Post a Comment