ধেমাজিত বিবাহ সংস্কাৰ অনুষ্ঠানঃ একেদিনাই বিবাহত বহিল ১৯৯ যোৰা দৰা-কইনা…..

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ’ হান্স ফাউণ্ডেশ্যনৰ সহযোগত ধেমাজি কছাৰী পথাৰ হিলৈপৰা অঞ্চলৰ হিলৈপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত মঙ্গলবাৰে সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷
এই সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠানত মুঠ ১৯৯ যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন হয় । সম্পূৰ্ণ বৈদিক ৰীতি-নীতিয়ে বিবাহ সংস্কাৰ সম্পূৰ্ণ কৰে। বিবাহ অনুষ্ঠানত
মুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰা- কইনাক আশিস দিয়ে শ্ৰীশ্ৰী গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/h9dkj4u
via IFTTT
Comments
Post a Comment