নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ…

ডিজিটেল সংবাদ, বেকাজান : নাগালেণ্ডক তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু নিষ্কাশন আৰম্ভ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । শনিবাৰে ছুমুকেডিমাৰ ভিৰাজৌমা গাঁৱত হেমকুণ্ড গ্ৰুপৰ লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) বটলিং প্লাণ্ট উদ্বোধনৰ পিছত নিয়াথু ৰিজৰ্টত অনুষ্ঠিত হোৱা এক সমাৱেশত ভাষণ দি ৰামেশ্বৰ তেলীয়ে এনেদৰে কয় ।

তেলীয়ে কয় যে প্ৰায় ৩০ বছৰ পূৰ্বে নাগালেণ্ডত তেল অন্বেষণ আৰু উৎপাদনৰ কাম চলি আছিল যদিও বিভিন্ন কাৰণত বন্ধ কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত ৰাজ্যখনে কেইবা হাজাৰ কোটি টকাৰ ব্যাপক ৰাজহ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ৷ এই প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰাৰ বাবে তেলীয়ে নাগালেণ্ড ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, উপদেষ্টা উদ্যোগ আৰু বাণিজ্য আৰু অ’এনজিচি, আইঅ’চিৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল আৰু তেল নিষ্কাশনৰ বিষয়টোৰ ওপৰত আলোচনা কৰিছিল।

তেলীয়ে কয় যে যে নাগালেণ্ডৰ উন্নয়ন হ’ব লাগে আৰু যাৰ বাবে ৰাজহ আহৰণৰ বাবে তেল আৰু গেছ নিষ্কাশন অতি গুৰুত্বপূৰ্ণ। ই নাগালেণ্ডৰ বিকাশ আৰু প্ৰগতিত সহায় কৰিব। তেলীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দি আহিছে। অঞ্চলটো যাতে পিছপৰি নাযায় তাৰ বাবে উত্তৰ-পূব প্ৰধানমন্ত্ৰীৰ অন্যতম অগ্ৰাধিকাৰ । ব্যক্তিগত কোম্পানী এটাৰ মালিকানাধীন হৈ থকাৰ পিছতো তেওঁ এই এল পি জিৰ বটলিঙ উদ্যোগটো উদ্বোধন কৰা বুলি উল্লেখ কৰি তেলীয়ে ডিমাপুৰত ঔদ্যোগীকৰণৰ ক্ষেত্ৰত মানুহৰ ধাৰণা সলনি হোৱাটো চাব বিচাৰে বুলিও উল্লেখ কৰে।

ইফালে হেমকুণ্ড গ্ৰুপৰ পৰিচালন সঞ্চালক জোৰাৱাৰ সিঙে কয় যে এল পি জি বটলিং প্লাণ্টে সমগ্ৰ উত্তৰ-পূবত এল পি জিৰ প্ৰসাৰ বৃদ্ধি কৰাত সহায় কৰিব। তেওঁ কয় যে গ্ৰাহকসকলো উপকৃত হ’ব, যিসকলে এজন ব্যক্তিগত এল পি জি খেলুৱৈৰ সেৱা আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ দ্বাৰা লাভৱান হ’ব। সিঙে কয় যে এই উদ্যোগটোৱে উত্তৰ-পূৰ্বাঞ্চলত এল পি জি ডেলিভাৰীৰ বাবে এক সুস্থ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিব। উদ্বোধনী অনুষ্ঠানত ছুমুকেডিমাৰ উপায়ুক্ত অভিনৱ শিৱম, আৰক্ষী অধীক্ষক মুনেশ কুমাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

আৰু পঢ়ক : শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ztpTqNZ
via IFTTT

Comments