শিক্ষা বিভাগৰ নিৰ্দেশনা – বন্ধ হ’ব বিদ্যালয়! বকোৰ এখন বিদ্যালয়ত হাহাকাৰ…

ডিজিটেল সংবাদ, ছমৰীয়া : হীৰকজয়ন্তী বৰ্ষ উদযাপনৰ বাবে প্ৰস্তুতি চলিছিল কামৰূপৰ বকোৰ গোহালকনা হাইস্কুলৰ। কিন্তু হঠাতে আহিল অপ্ৰত্যাশিত খবৰ। চিৰদিনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বন্ধ কৰিব বিদ্যালয়খন।কামৰূপ জিলাৰ বকোৰ গোহালকোনা হাইস্কুললৈ এই নিৰ্দেশাৱলী অহাৰ পিছতেই বহুজনৰ চকুত চকুলো।

শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত মৰ্মাহত বকোৰ গোহালকোনা অঞ্চলৰ বৌদ্ধিক মহল। অসম-মেঘালয় সীমান্তৱৰ্তী জনজাতি বসতিপ্ৰধান অঞ্চল বকোৰ গোহালকোনাত থকা গোহালকোনা হাইস্কুল চিৰদিনৰ বাবে বন্ধ হ’ব। এই খবৰৰ পিছতে শংকিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ, ছাত্ৰ-ছাত্ৰী, অভিভাৱক। স্বাধীনতাৰ এবছৰ পিছতে স্থাপন কৰা ঐতিহ্যমণ্ডিত গোহালকোনা হাইস্কুলখনৰ হীৰকজয়ন্তী বৰ্ষ উদযাপনৰ বাবে চলিছিল প্ৰস্তুতি।

ইতিমধ্যে গঠন কৰা হৈছিল উদযাপন সমিতি।কিন্তু বিদ্যালয়খন বন্ধ কৰাৰ নিৰ্দেশত হতচকিত অঞ্চলবাসী। বহুবছৰ ধৰি শৈক্ষিক দিশত উন্নত ফলাফল প্ৰদৰ্শন কৰা গোহালকোনা হাইস্কুলৰ যোৱা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আছিল শূন্য। তাৰ বাবে বিদ্যালয়খন বন্ধ কৰিবলৈ লোৱা কাৰ্য সহিব পৰা নাই ছাত্ৰ-ছাত্ৰীয়ে।

এতিয়া কেৱল ছাত্ৰ-ছাত্ৰীৰ চকুত চকুলো। ছাত্ৰ-ছাত্ৰীৰ আহ্বান – এবাৰ সুবিধা দিলে ১০০ শতাংশই উত্তীৰ্ণ হৈ নজিৰ স্থাপন কৰিব তেওঁলোকে। ইফালে বিদ্যালয়খনৰ হেৰুৱা গৰিমা ঘূৰাই অনাৰ সংকল্প লৈছে অঞ্চলটোৰ সচেতন মহলে।

৫জন শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনত নিয়মীয়াকৈ পাঠদান কৰিবলৈ আহে ৭৫ বছৰীয়া প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জুবেদা চাংমা, প্ৰাক্তন বেংক বিষয়া হেড্ৰক ডি চাংমা আৰু প্ৰাক্তন শিক্ষক লুচাডি জে চাংমা। এতিয়া সকলোৰে এটাই আহ্বান অঞ্চলটোৰ একমাত্ৰ গাৰো মাধ্যমৰ বিদ্যালয়খন যাতে চৰকাৰে বন্ধ নকৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fuokS1A
via IFTTT

Comments