বকোত বলেৰ’ পিকআপসহ দুটাকৈ বালি খনন কৰা মেচিন জব্দ…

ডিজিটেল সংবাদ, বকো: বনবিভাগৰ পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ এলেকাৰ বকোত বৃহস্পতিবাৰে পুনৰ বনবিভাগে বালি খননৰ বিৰুদ্ধে অভিযান চলাই অবৈধ ভাবে বালি কঢ়িওৱা এখন ব’লেৰো পিক আপসহ দুটা বালি খনন কৰা মেচিন জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণ মতে বকোৰ শিংৰা নদীৰ বাকাৰাপাৰ ঘাটত বালি মাফিয়াই মেচিনেৰে বালিখনন কৰি থকাৰ বুলি জানিব পাৰি শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনবিভাগৰ দল এটাই অভিযান চলায়।অভিযানত বালি মাফিয়াক বালি খননত ব্যৱহাৰ কৰা দুটা মেচিন জব্দ কৰি বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ আনে। বনবিভাগৰ সূত্ৰ এটাই প্ৰকাশ কৰা মতে নদীৰ ঘাটত দহটাৰো অধিক মেচিনেৰে বালি খনন কাৰ্য্য চলাই আছিল।বনবিভাগৰ দলটোৰ আগমনৰ খবৰ আগতীয়াকৈ লাভ কৰি বালি মাফিয়াৰ দলে অধিক সংখ্যক মেচিনে সেই ঠাইৰ পৰা তুলি নি আন ঠাইত লুকুৱাই থয়। সূত্ৰটোৱে প্ৰকাশ কৰা মতে বালি মাফিয়াৰ উৎপাত ইমান বাঢ়ি গৈছে যে বনবিভাগক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নিদিলে নিয়ন্ত্ৰণ কৰাই কঠিন হৈ পৰিছে। শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনবিভাগৰ দলটোৱে বালি খনন কৰা মেচিন দুটা জব্দ কৰাৰ কিছুসময় পিচতে বকোৰ হাহিমত থকা বনবিভাগৰ বন নিৰিক্ষণ পহৰা চকীৰ দল এটাই হাহিমত অবৈধ ভাবে বালি সৰবৰাহ কৰা এএচ-০১/ই চি-১৪০৬ নম্বৰৰ বলোৰ’ পিক আপ এখন জব্দ কৰে।

উল্লেখযোগ্য যে বুধবাৰে বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনবিভাগৰ দল এটাই শিংৰা নদীৰ সাহীপাৰাত অভিযান চলাই তিনিটাকৈ বালি খনন কৰা মেচিনসহ ট্ৰেক্টৰ এখন জব্দ কৰিবলৈ সক্ষম হয় । আনকি বনবিভাগৰ দলটোৰ সৈতে সংঘাতত লিপ্ত হোৱা বালি মাফিয়াৰ দলটোক খেদি পঠিয়াবলৈ দুই জাঁই শূন্যলৈ গুলি চলাব লগীয়া হৈছিল।

আৰু পঢ়ক : নাৰায়ণপুৰত মাহ প্ৰসাদৰ বিষক্ৰিয়াত আক্ৰান্ত অৰ্ধশতাধিক লোক…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xmbOgLh
via IFTTT

Comments