নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা মুকলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ…

ডিজিটেল সংবাদ নাৰায়ণপুৰ : উত্তৰ অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা মুকলি । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি আনুষ্ঠানিক ভাৱে বিদ্যালয়খনত বিজ্ঞান শাখা মুকলি কৰে ।

ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰা বিদ্যালয়খনত বিজ্ঞান শাখা মুকলি কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে নাৰায়ণপুৰীয়া শিক্ষানুৰাগী ৰাইজ। এই ক্ষেত্ৰত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ তৎপৰতাক ভূয়সী প্ৰশংসা কৰে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ বিদ্যান সমাজে।

বিদ্যালয়খনত বিজ্ঞান শাখা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে অহা ছমাহৰ ভিতৰত আন্ত:গাঁথনি উন্নিতকৰণৰ লগতে শিক্ষক নিযুক্তিকে ধৰি অন্যান্য যাবতীয় কাম-কাজ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে । আনহাতে বিদ্যালয় পৰিচালনা সমিতিয়ে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষকৰ দ্বাৰা পাঠদান আৰম্ভ কৰিব বিছৰা কাৰ্যক আদৰণী জনোৱাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ আহ্বানৰ প্ৰতি সহমত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

এই উপলক্ষে বিদ্যালয়খনৰ চেনীৰঞ্জন দত্ত স্মৃতি ভৱনত আয়োজন কৰা এখন বিশেষ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যতীন মহন্তই । অৱসৰপ্ৰাপ্ত শিক্ষক সত্যজিৎ দত্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাত মন্ত্ৰীগৰাকীক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গামোচা,চেলেং, ফুলৰ থোপা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ।

বিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ বৰদলৈয়ে আঁত ধৰা সভাত আদৰণী ভাষণ প্ৰদান কৰে স্থানীয় বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই । সভাত অসম খাদী উন্নয়ন নিগমৰ উপাধ্যক্ষ হৰেন দেউৰী,নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অলকা বৰদলৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰীশ ভূঞা, অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ হাজৰিকা,নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দ্ক,লখিমপুৰ জিলা পৰিবহন বিভাগৰ প্ৰবৰ্তক পৰিদৰ্শক ৰাজীৱ জ্যোতি ভূঞা উপস্থিত থাকে ।

এই সভাতেই অসম চৰকাৰৰ বিদ্যাঞ্জলী আঁচনিৰ প্ৰতি সন্মান জনাই উক্ত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰীশ ভূঞাই দহ হেজাৰ টকা,অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ হাজৰিকাই বিদ্যালয়ৰ পুথিভঁৰাললৈ কিতাপৰ টোপোলা,অৱসৰপ্ৰাপ্ত শিক্ষক সত্যজিৎ দত্তই এটা কিতাপৰ আলমিৰা আৰু প্ৰাক্তন ছাত্ৰ তথা লখিমপুৰ জিলা পৰিবহন বিভাগৰ প্ৰবৰ্তক পৰিদৰ্শক ৰাজীৱ জ্যোতি ভূঞাই দহ হেজাৰ টকা দানসূত্ৰে বিদ্যালয়লৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mUp1Qfn
via IFTTT

Comments