‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশীদাৰ হওক আৰু লাভ কৰক প্ৰমাণ পত্ৰ…

ডিজিটেল ডেস্ক : দেশৰ ৭৫ বছৰীয়া যাত্ৰাৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহেৎসৱ কাৰ্যসূচী হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই কাৰ্যসূচীৰ লগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীও সংলগ্ন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশীদাৰ আপুনিও হওক আৰু লাভ কৰক হৰ ঘৰ ত্ৰিৰংগা প্ৰমাণ পত্ৰ। ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰি তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে।

যদি আপুনি ঘৰত ত্ৰিৰংগা লগাইছে আৰু এই কাৰ্যসূচীৰ অংশীদাৰ হোৱাৰ প্ৰমাণ ৰাখিব বিচাৰিছে তেন্তে পলম নকৰি ডাউনলোড কৰক প্ৰমাণ পত্ৰ। কেনেকৈ ডাউনলোড কৰিব পাৰিব প্ৰমাণ পত্ৰ – প্ৰথমে আপোনাৰ কম্পিউটাৰ, লেপটপ বা মোবাইলৰ ইন্টাৰনেট ব্ৰাউজাৰত গৈ harghartiranga.com লিংটোত যাব। তাৰ পাছত সেই পেজখনত আপুনি নিজৰ নাম আৰু মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ পাছত এখন প্ৰফাইল ফটো তাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু নিজৰ গুগল একাউন্টৰ জৰিয়তে লগ-ইন কৰিব লাগিব। তাৰ পাছত আপোনাৰ ল’কেশ্যন বিচাবিৰ আৰু সেয়া অন্তৰ্ভুক্ত কৰাৰ পাছত এলাউ অপশ্যনটো ক্লিক কৰিব।

ইয়াৰ পৰৱৰ্তী পেজত আপোনাৰ মোবাইল বা লেপটপৰ মেপত আপোনাৰ ল’কেশ্যনত ত্ৰিৰংগা পিন কৰাৰ অপশ্যনটো পাব। তাত ক্লিক কৰাৰ কেইছেকেণ্ড মানৰ পাছত আপুনি লাভ কৰিব হৰ ঘৰ ক্ৰিৰংগা কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ।

আৰু পঢ়ক : দেশৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা ! চাহিদা পূৰাবলৈ মেৰুদণ্ডহীন  ব্যৱসায়…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bSVUvYl
via IFTTT

Comments