এটা নহয় তিনিটাকৈ সেনাৰ শিবিৰত আলফা (স্বাধীন), NSCN ৰ মৰ্টাৰ আক্ৰমণ…

ডিজিটেল ডেস্কঃ এটা নহয়, মুঠ তিনিটাকৈ সেনাৰ শিবিৰত আলফা (স্বাধীন) আৰু এন এছ চি এনে চলাইছে আক্ৰমণ। পুৱতি নিশা প্ৰায় ৩ বজাৰ ৰ পৰা সেনাৰ পুৱা ৫ বজালৈকে মুঠ তিনিটাকৈ শিবিৰত আক্ৰমণ চলালে আলফা আৰু এন এছ চি এনে। প্ৰথমে ভাৰত, ম্যানমাৰ সীমান্তত এই আক্ৰমণ কৰা হৈছে বুলি খবৰ আহিছিল যদিও শেহতীয়া তথ্য অনুসৰি আৰুণাচলক নকনৌ আৰু পাংচুপাছৰ সেনাৰ শিবিৰত মৰ্টাৰেৰে আক্ৰমণ সংঘটিত কৰিছে সংগঠন দুটাই। আনহাতে নাগালেণ্ডৰ চেৰামতাতো সংঘটিত কৰিছে আক্ৰমণ।
এই ঘটনাৰ প্ৰাৰম্ভিক তথ্য অনুসৰি এজন সেনা নিহত হোৱাৰ অনানুষ্ঠানিক তথ্য লাভ কৰা হৈছিল যদিও এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই। অৱশ্যে হতাহতিৰ সংখ্যা কেইবাজনলৈও বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে। পুৱতি নিশা প্ৰথমে মৰ্টাৰেৰে আক্ৰমণ কৰাৰ পিছতেই দুয়োপক্ষৰ মাজত আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী।
বৰ্তমান তিনিওটা অঞ্চলতে সেনাই আলফা আৰু এন এছ চি এনৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। উল্লেখ্য যে স্বাধীনতাৰ দিৱসৰ প্ৰাকক্ষণত আলফা (স্বাধীন) আৰু এন এছ চি এনে এনে সক্ৰিয়তাই বহু কেইটা দিশ উন্মোচন কৰিছে। এফালে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠৰোষকতাত আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ কথা চলি থকাৰ বিপৰীতে নাগা সমস্যা সমাধানাৰ বাবেও শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলি আছে।
তাৰ মাজতে এইদৰে সংগঠন দুটাই সংঘটিত কৰা এই কাৰ্যই শান্তি আলোচনাৰ প্ৰক্ৰিয়াটোক বুমেৰাং কৰি তুলিছে। ইফালে দীৰ্ঘদিন ধৰি আলফাই এক পক্ষীয় শান্তি আলোচনা অব্যাহত ৰাখিছিল। অৱশ্যে তাৰ মাজতেই আলফাই ব্যপাক সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছিল। উজনিৰ পৰা নামনিলৈ বহু সদস্য আলফালৈ গমন কৰিছে। তাৰ মাজতে অতি শেহতীয়াকৈ তিনিচুকীয়াৰ কাকপথাৰত আলফাৰ এটা দলৰ লগত সেনা, আৰক্ষীৰ সংঘাত হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zu6U5Tm
via IFTTT
Comments
Post a Comment