ধুবুৰীৰ উপায়ুক্তৰ নাম লৈ ধনদাবী প্ৰৱঞ্চকৰ…

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী উপায়ুক্তৰ নাম লৈ ৱাটছএপ যোগে ধনদাবী কৰে প্ৰৱঞ্চকে। উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন কর্মচাৰীৰ লগতে কেইবাজনো অতিৰিক্ত উপায়ুক্তক মেছেজ প্ৰৱঞ্চকৰ। ৱাটছএপত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি আমাজন পে ই গিফ্ট কাৰ্ড কিনি দিয়াৰ বাবে ভুৱা মেছেজ প্ৰেৰণ কৰে দুষ্ট চক্ৰটোৱে।
প্ৰতিটো গিফ্ট কাৰ্ডৰ মূল্য ১০ হেজাৰ টকা বুলি জানিব পৰা গৈছে। প্ৰতিজন কৰ্মচাৰী, অতিৰিক্ত উপায়ুক্তক ১১টাকৈ গিফ্ট কাৰ্ড কিনি দিয়াৰ মেছেজ। মেছেজ পাই হাহাকাৰ লাগে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে অতিৰিক্ত উপায়ুক্তসকলৰ মাজত।
উপায়ুক্তই এই খবৰ লাভ কৰাৰ লগে লগে স্পষ্ট কৰি দিয়ে এয়া দুষ্টচক্ৰৰ ধন লুটাৰ কৌশল। এই সন্দৰ্ভত জিলা উপায়ুক্ত অন্বামুথন এমপিয়ে সকলোকে সতৰ্ক হোৱাৰ আহ্বান জনাইছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/uJ71TIB
via IFTTT
Comments
Post a Comment