আছাম ৰাইফলছৰ শিবিৰত আলফা (স্বা), এন এছ চি এনৰ ভয়াৱহ আক্ৰমণ…

ডিজিটেল ডেস্কঃ চুবুৰীয়া অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে আলফা (স্বাধীন) আৰু এন এছ চি এনয়ে। পুৱতি নিশা সংঘটিত কৰা এই আক্ৰমণৰ পিছতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে। প্ৰায় ২ ঘণ্টা পৰ্যন্ত অব্যাহত থকা এই গুলীয়াগুলীত দুয়োটা পক্ষৰে ক্ষয় ক্ষতিৰ কোনো সবিশেষ তথ্য এই পৰ্যন্ত লাভ কৰা নাই।

উল্লেখ্য যে আছাম ৰাইফলছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত পুৱতি নিশা প্ৰায় ৩ বজাত আলফা (স্বাধীন) আৰু এন এছ চি এনে মৰ্টাৰেৰে আক্ৰমণ কৰে। ইয়াৰ পিছতে আৰম্ভ হয় দুয়োপক্ষৰ মাজত গুলীয়াগুলী। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

এই পৰ্যন্ত লাভ কৰা অনানুষ্ঠানিক তথ্য অনুসৰি এজন সেনা জোৱানৰ নিহত হৈছে। অৱশ্যে সেনা, আৰক্ষীৰ পৰা এই বিষয়ে কোনো তথ্য প্ৰকাশ পোৱা নাই। ঘটনাস্থলীলৈ ২ খনকৈ অম্বুলেঞ্চ প্ৰেৰণ কৰা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WLOzugh
via IFTTT

Comments