এছিয়া কাপ ২০২২ : ১৪৮ ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি ৫ উইকেটত জয়লাভ ভাৰতৰ…

ডিজিটেল সংবাদ : ভাৰত-পাকিস্তানৰ এছিয়া কাপ ২০২২ ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হয়। ভাৰতে টচত জয়লাভ কৰে যদিও প্ৰথম বেটিং পাকিস্তানক কৰিব দিয়ে।
পাকিস্তানে ১৪৭ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰে। ইফালে ভাৰতৰে ১৪৮ ৰাণত জয়লাভ কৰে। পাকিস্তানৰ বিৰুদ্ধে ভুৱনেশ্বৰ কুমাৰে ৪টা, হাৰ্দিক পাণ্ডিয়াই ৩টা, অৰ্শদীপ সিঙে ২টা আৰু আৱেশ খানে ১ টা উইকেট দখল কৰে।
ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ৩টা উইকেট দখল কৰাৰ উপৰিও মাত্ৰ ১৭টা বলত ১টা অভাৰ বাউণ্ডাৰী আৰু ৪টা বাউণ্ডাৰীৰে ৩৩ ৰাণ সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ প্ৰথমটো উইকেট দখল কৰে ভূৱনেশ্বৰ কুমাৰে। পাকিস্তানে ১৫ ৰানতেই হেৰুৱাইছিল প্ৰথমটো উইকেট।
ফকৰ জামানে ৬টা বলত ১০ ৰাণ কৰি ভাৰতৰ আবেশ খানৰ বলত আউট হয়। ৪২ ৰাণত পাকিস্তানে হেৰুৱাই দ্বিতীয়টো উইকেট। ভাৰতে ৩ অভাৰত ১৫ ৰাণ সংগ্ৰহ কৰি ১টা উইকেট হেৰুৱায়। ভাৰতে ৫০ ৰাণত ২টা উইকেট হেৰুৱায়।
ভাৰতৰ আৰু পাকিস্তানৰ এই খেল উপভোগ কৰিবলৈ দৰ্শকে অতি আগ্ৰহেৰে বাট চাই আছিল। কিয়নো ইয়াৰ পূৰ্বে খেলা টী-২০ত পাকিস্তানৰ হাতত ধৰাশায়ী হৈছিল ভাৰত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/K9kH5Th
via IFTTT
Comments
Post a Comment