প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হৈ হ’লগৈ ২.২৩ কোটি টকা লৈ

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ ২.২৩ কোটি টকাৰ সম্পত্তি আছে আৰু ইয়াৰ অধিকাংশ ধন বেংকত জমা আছে। অন্যহাতে তেওঁৰ ওচৰত কোনো আন সম্পত্তি নাই কিয়নো গান্ধীনগৰত থকা মাটি দান কৰিছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ’) ৱেবছাইটৰ শেহতীয়া তথ্য অনুসৰি, মোডীৰ বণ্ড, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত কোনো বিনিয়োগ নাই, কিন্তু তেওঁৰ চাৰিটা সোণৰ আঙুঠি আছে, যাৰ মূল্য ১.৭৩ লাখ টকা।

মোডীৰ সম্পত্তি এবছৰত আগৰ তুলনাত ২৬.১৩ লাখ টকা বৃদ্ধি পাইছে, কিন্তু ইয়াৰ বাহিৰে অন্য সম্পত্তি নাই। পিএমঅ’ ৱেবছাইট অনুসৰি, ২০২২ চনৰ ৩১ মাৰ্চলৈকে মোডীৰ মুঠ সম্পত্তি ২,২৩,৮২,৫০৪ । মোডীয়ে ২০২২ চনৰ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে আৱাসিক ভূমি ক্ৰয় কৰিছিল আৰু ইয়াত আন তিনি জনৰো সমান অংশীদাৰত্ব আছে।

প্ৰধানমন্ত্ৰীৰ ওচৰত ৩১ মাৰ্চ, ২০২২ লৈকে মুঠ নগদ ৩৫,২৫০ টকা আছে আৰু ডাকঘৰৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ৯,০৫,১০৫ টকা আৰু জীৱন বীমা আঁচনি ১,৮৯,৩০৫ টকা আছে।

আৰু পঢ়ক: আজি বিহাৰৰ নতুন চৰকাৰৰ শপত গ্ৰহণ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hl5nA2u
via IFTTT

Comments