কবিতা/৩৪ কোলি কবা নক্লি নাই…

-মানসজ্যোতি শৰ্মা
কোলি কবা নক্লি নাই
দকানোত পাঠিৰ মাংচোও বেচা যায়
মোইথফালোৰ দখ্ৰা নহ্লি দকানীৰ দোষ নাই
পকা ডাইৰাই ফুলা চলা পিন্ধি ৰাস্তাই ৰাস্তাই ভালপঅৰ গান গায়
কোলি কবা নক্লি নাই
তাকে দেখি চেংৰাইও ফুলা চলা বিচ্ৰি যায়
মানা নাম্না তুহ্নাৰ কথা
কপ্লোত ফটা মাৰি চিকাও দিল্লীক যায়
জাইল্মেও সাহিত্যো সভাত আগোৰ দেখি জাগা পায়
কোলি কবা নক্লি নাই
মই হোলি নকত নাই
পাঠাৰ মাংচো বহুদিন খ নাই
দেশোত জুই লাগা বুলি নক্লি
পানীও জ্বলি যায়
চেলাৰ উত্পাতোত গাজা নলঅ বুট
কলা পৰি যায়
ৰাজাৰ মাকোৰ চোলি হবো
খাট খান দুই ভাগ কোইৰবা লাইগ্বো
কোলি কবা নক্লি নাই
মান্হুৰ আকো জাত নাই
জাত বিচ্ৰাগেলাই মূৰ্তি ভাঙি
ফুত্তিত নিচা খায়
সকলঅহয় পাঠি কাত্ছি
পাঠাৰ মাংচোৰ দাম কমা নাই
কবি – মানসজ্যোতি শৰ্মা
ফোননম্বৰ – ৯৬১৩৪৯১৯০৯
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/BPwZ9bi
via IFTTT
Comments
Post a Comment