বকো হাইস্কুলৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত মধ্যাহ্ন ভোজনৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই। ছাত্ৰ সংগঠনটোৱে দুৰ্নীতিৰ তদন্ত দাবী কৰি বুধবাৰে দুৰ্নীতিৰ সৈতে জড়িত বিদ্যালয়খন পৰিচালনা সমিতিৰ সভাপতি ফনিন্দ্ৰ চৌধুৰী আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।
বকো হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হেজাৰ টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ইতিমধ্যে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে বিদ্যালয়খনৰ সৈতে জড়িত একাংশ সচেতন ৰাইজে কেইদিনমান আগতে ৰাজ্যৰ শিক্ষা বিভাগৰ কামৰূপ জিলাৰ বিষয়া তথা বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ।
আনহাতে বকোৰ দীপক ৰাভা নামৰ ব্যক্তি এগৰাকীয়ে বকো হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত দাবী কৰি বকো থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও দুৰ্নীতিত জড়িত লোকক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । বকো আৰক্ষীৰ দল এটাই বকো হাইস্কুলৰ পৰা মধ্যাহ্ন ভোজনৰ নথিপত্ৰ সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।
আনহাতে জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই বকো হাইস্কুলত হোৱা মধ্যাহ্ন ভোজনৰ ধনৰ দুৰ্নীতিৰ অভিযোগ কৰা দলটোত পোন্ধৰ আগষ্টৰ পিচত তদন্ত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে বিষয়া গৰাকীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত খৰ্গহস্তহৈ পৰিছে বকোৰ সচেতন ৰাইজে।
উল্লেখযোগ্য যে বকো হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হেজাৰ টকাৰ বেঙ্কৰ পৰা যোৱা ১৫ আৰু ২২ জুলাইত দুই লাখকৈ মুঠ চাৰিলাখ টকা , পুনৰ ২৭ জুলাইত ১ লাখ টকা আৰু ৩০ জুলাইত ৭০ হেজাৰ টকা মোকলাই নিয়াৰ তথ্য পাতি পৰ্যন্ত দুৰ্নীতিৰ অভিযোগ কৰা দলটোৱে জিল শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শকৰ ওচৰত দখিল কৰিছে ।
আৰু পঢ়ক: পলাতক নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/QbNTWVC
via IFTTT
Comments
Post a Comment