বিয়লি ৩ বজাত অসম বিধানসভাৰ বিশেষ এদিনীয়া অধিৱেশন…

ডিজিটেল ডেস্ক : এদিনীয়াকৈ অৰ্থাৎ ১৭ আগষ্ট, বুধবাৰে অনুষ্ঠিত হব অসম বিধানসভাৰ অধিৱেশন। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হব এই এদিনীয়া অধিৱেশন। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণৰ বাবে যি অমৃত মহোৎসৱ কাৰ্যসূচী হাতত লৈছিল তাৰ বাবেই এই এদিনীয়া বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছে।
দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে। এবছৰ ধৰি উদযাপন হোৱা আজাদি কা অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসসূচী সন্দৰ্ভতে অধিৱেশনত আলোচনা কৰা হ’ব। লগতে বিধায়ক সকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য আগবঢ়াব। ইয়াৰ উপৰিও পূৰ্বৰ ভাৰত আৰু বৰ্তমানৰ ভাৰতৰ ওপৰতো এক আলোচনা কৰা হব বুলি ব্যক্ত কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
উল্লেখ্য যে বুধবাৰে অৰ্থাৎ আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগা অসম বিধানসভাৰ এদিনীয়া অধিৱেশন অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ’ব।
আৰু পঢ়ক : আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/tzsEg2G
via IFTTT
Comments
Post a Comment