মাজুলীৰ কমলাবাৰী ফেৰীঘাটত ফেৰীৰ শোভাযাত্ৰাৰ মাজত ত্ৰিৰংগাৰ এক নান্দনিক পৰিৱেশত

ডিজিটেল সংবাদ, মাজুলী: মাজুলীৰ কমলাবাৰী ফেৰীঘাটত ফেৰীৰ শোভাযাত্ৰাৰ মাজত উৰি থকা ত্ৰিৰংগাৰ এক নান্দনিক পৰিৱেশত জীপাল হৈ উঠিল এক ভাৰতীয় ভাতৃত্ববোধ,স্বাভিমান তথা ঐক্যতা। উল্লেখ্য যে
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস এইবাৰ আজাদী কা অমৃত মহোৎসৱৰ নামেৰে উদযাপনৰ অংশ হিচাপে মাজুলীত বিভিন্ন কাৰ্যসূচী চলি আছে।

সেই উপলক্ষে মাজুলীত দেওবাৰে ”মহাবাহু ব্ৰহ্মপুত্ৰ” শীৰ্ষক ফেৰী শোভাযাত্ৰা বাহিৰ কৰে প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেম অনুভূতি জগাই তোলাৰ বাবে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰী ফেৰীঘাটত বিয়লি ৪-৩০ বজাত আৰম্ভ হোৱা এই কাৰ্যসূচীত ইন্জিনযুক্ত সাতখনকৈ ফেৰীয়ে অংশগ্ৰহণ কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ত্ৰিৰংগা লহৰ।

এই ফেৰীসমূহত দেশৰ স্বাভিমান তথা ঐক্যতাৰ প্ৰতীক ত্ৰিৰংগা পতাকা উৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উজলি উঠা এক নান্দনিক পৰিৱেশৰ মাজত শোভাহিত হৈ উঠে কমলাবাৰী ফেৰীঘাটৰ চৌপাশ। বতাহৰ মাজত উৰি থকা ত্ৰিৰংগাৰ এক অভূতপূৰ্ব পৰিৱেশে সকলো ভাৰতীয়ৰ মন প্ৰাণ কলুষিত কৰি তোলে। সকলো যেন ত্ৰিৰংগাৰ তলত ঐক্যবদ্ধ হৈ পৰিল দেশ তথা জাতিৰ বাবে।

বিশেষকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৩ -১৫ আগষ্টলৈকে আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী মাজুলী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা মাজুলীবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী সফল কৰি তোলাৰ পিছতে আজি ব্ৰহ্মপুত্ৰৰ বুকুত মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ শীৰ্ষক ফেৰী শোভাযাত্ৰা কাৰ্যসূচী পালন কৰে।

এই শোভাযাত্ৰাকাৰী ফেৰীসমূহে কমলাবাৰী ফেৰীঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি নিমাতী দিশলৈ প্ৰায় ব্ৰহ্মপুত্ৰৰ মাজ অংশলৈ আগবাঢ়ি গৈ এই শোভাযাত্ৰা বাহিৰ কৰে। এই কাৰ্যসূচীত মাজুলীৰ স্হানীয় বিধায়ক ভূৱন গাম,উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা, মাজুলী জিলা বিজেপি সভাপতি বিৰেন শইকীয়াকে ধৰি শতাধিক লোকে এই ফেৰী শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

আৰু পঢ়ক: ১৫ আগষ্টৰ সন্ধিয়া পতাকা সমূহ খুলি সযতনে ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dEVJQmf
via IFTTT

Comments