২০২৪ ত নাথাকে বিজেপিৰ চৰকাৰ ! মাদ্ৰাছা আৰু গো-মাংস ভক্ষণত বাধা দিছে বিজেপিয়ে, প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ বিধায়ক আমিনুলৰ…

ডিজিটেল সংবাদ মানকাচৰঃ ২০২৪ ত কেন্দ্ৰত নাথাকে বিজেপি চৰকাৰ। ১০০ শতাংশই নিশ্চিত এই কথা। প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ বিকল্প উমৈহতীয়া প্ৰাৰ্থী হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।- এই দাবী এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ। মঙলবাৰৰ নিশা ১০ বজাত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত এই দাবী কৰিছে বিধায়ক আমিনুলে।

ইফালে এই সভাতে বিধায়ক আমিনুলে মাদ্ৰাছা বন্ধ কৰাৰ ক্ষেত্ৰতো কৰিছে বিতৰ্কিত মন্তব্য। তেওঁ কয়- আমাৰ মুছলমান যুৱকক জেহাদী সজাই আছে। আমাৰ মাদ্ৰাছা বন্ধ কৰিছে। তেওঁ কয়-কোৰানৰ ভুল ধৰাৰ চেষ্টা কৰি আছে, আমাক গৰু খোৱা বন্ধ কৰিছে। আমি এইবোৰৰ প্ৰত্যুত্তৰ দিব লাগিব।

তেওঁ এক প্ৰকাৰৰ উচতনি প্ৰদান কৰি কয় আমি বহি থকা মানুহ নহয়, বহি থকাৰ বাবে মোক আপোনালোক বিধায়ক পতা নাই। এইদৰেই এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্যৰে মানকাচৰত বিধায়ক আমিনুল ইছলামে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে।

উল্লেখ্য যে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ মাজতে মঙলবাৰে নিশা প্ৰায় ১০ বজাত হঠাৎ আঁবতৰীয়াকৈ অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ এখন যোগদান সভাত উপস্থিত হয় বিধায়ক আমিনুল। কুচনীমাৰা জোৰডাঙ্গা গাঁও পাঞ্চায়তৰ সভানেত্রী বিউটি হালিমা মণ্ডল আৰু তেওঁৰ স্বামী আনোৱাৰ হুছেইনৰ নেতৃত্বত অনুষ্ঠিত এই সভাৰ জৰিয়তে পঞ্চায়তৰ অধীনত প্ৰায় তিনি শতাধিক পৰিয়ালৰ সহস্ৰাধিক লোকে কংগ্ৰেছ, অগপ, বিজেপি এৰি এ আই ইউ ডি এফত যোগদান কৰে।

এই যোগদান কাৰ্য্যসূচীত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনামূলক ভাষণ প্ৰদান কৰে। তেওঁ কয়, ২০২৪ চনত আৰু নৰেন্দ্ৰ মোডীৰ হাৱা নচলে। ২০২৪ ত বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰে এইটো খাটাং । মূল্যবৃদ্ধিৰ লগতে জনতাৰ ওপৰত এটাৰ পাছত আন এটা মাধমাৰ দিয়াত সাধাৰণ জনতা কথাবোৰ বুজি উঠিছে। নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এইবাৰ দেশত শক্তিশালি মঞ্চ গঠন হ’ব বুলি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

একেদৰে এই কৰ্মী যোগদান সভাত বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত কয়- বিজেপিয়ে আমাৰ মুছলমান যুৱকক জেহাদী সজাইছে, আমাৰ মাদ্ৰাছা বন্ধ কৰিছে, আমাৰ গৰু খোৱা বন্ধ কৰিছে। আমাৰ কোৰানত ভুল ধৰিছে। এইবোৰ আমি সহ্য নকৰো। আমি সদায় এইবোৰৰ বিৰুদ্ধে মাত মাতি যাম।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/u3SY6fh
via IFTTT

Comments