ধিক স্বাস্থ্য বিভাগ! দৰমহা লয় ঢকুৱাখনাৰ,চাকৰি কৰে বৰপেটা-নলবাৰী-ধেমাজিত

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ একাংশ সুবিধাভোগী কৰ্মচাৰীৰ কৰাল গ্ৰাসত নিমৰ্জিত হৈ ঢকুৱাখনা মহকুমা স্বাস্থ্য খণ্ডটোৰ জনসাধাৰণ পৰ্যপ্ত চৰকাৰী সেৱাৰ পৰা বঞ্চিত হোৱাই নহয় স্বাস্থ্য বিভাগটো সুচল পৰিচালনাটো বিৰাট প্ৰতিবন্ধকতা আহি পৰিছে ।
শেহতীয়া ভাবে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ এনে ৫ গৰাকী সুবিধাভোগী কৰ্মচাৰীৰ তথ্য উন্মোচিত হৈছে “অসমীয়া প্ৰতিদিন ডিজিটেল”ৰূ অনুসন্ধান কালত। সংগৃহীত তথ্য অনুসৰি ঢকুৱাখনা মহকুমা স্বাস্থ্য বিষয়া কাৰ্যলয়ৰ অধীনত নিযুক্তি প্ৰাপ্ত ৫ গৰাকী এম পি ডব্লিউ , ৱাৰ্ড ইনচাৰ্জ ,ভেকচিনেটৰ , ইউ ডি এ আদি বিভিন্ন পদত নিযুক্ত চৰকাৰী বেতনভোগী কৰ্মচাৰীয়ে ঢকুৱাখনাৰ পৰা নিয়মীয়া মাহিলি বেতন গ্ৰহণ কৰি থকাৰ বিপৰীতে চৰকাৰী সেৱা কিন্তু তিলমানো আগবঢ়োৱা নাই ঢকুৱাখনাত ।

স্বাস্থ্য বিভাগৰ এচাম দায়িত্বহীন শীর্ষ আমোলা বিষয়াক মেনেজ কৰি এই সকল কৰ্মচাৰীয়ে নিজৰ সুবিধা অনুসৰি সুবিধাজনক স্থানত অস্থায়ী নিযুক্তি লৈ আগবঢ়াই গৈছে চৰকাৰী সেৱা । প্ৰাপ্ত তথ্য মতে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ পৰা মাহিলী বেতন নিয়মীয়াকৈ গ্ৰহণ কৰি অন্য ঠাইত সেৱা আগবঢ়াই যোৱা কৰ্মচাৰী সকল হৈছে অতিকুৰ ৰহমান , বিমল তালুকদাৰ , ৰুমী দেউৰী , ৰূপক শইকীয়া আৰু বিষ্ণু ৰাম বৰা ।
ইয়াৰে অতিকুৰ ৰহমানে সোনাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত এম পি ডব্লিউ হিচাবে নিযুক্তি লাভ কৰি বৰ্তমানে চৰকাৰী সেৱা আগবঢ়াই আছে বৰপেটা জিলা স্বাস্থ্য বিভাগত । যোগীসুঁতি স্বাস্থ্য উপ কেন্দ্ৰত মাল্টি পাৰপাজ ৱৰ্কাৰ হিচাবে নিযুক্ত বিমল তালুকদাৰে সেৱা আগবঢ়াই গৈছে নলবাৰী জিলা স্বাস্থ্য বিভাগত । ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ ৱাৰ্ড ইনচাৰ্জ হিচাবে নিযুক্ত ৰুমী দেউৰীয়ে ঢকুৱাখনাৰ পৰা দৰমহা লৈ সেৱা আগবঢ়াই আছে ধেমাজি জিলাত ।
তদ্রুপ ভাবে সোনাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ‘ভেকচিনেটৰ’ ৰূপক শইকীয়াই ঢকুৱাখনাৰ পৰা বেতন ভোগ কৰি সেৱা আগবঢ়াই গৈছে ঢলপুৰত আৰু ঘিলামৰা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ উচ্চ বৰ্গৰ সহায়ক বিষ্ণু ৰাম বৰাই ঢকুৱাখনাৰ পৰা বেতন খাই সেৱা আগবঢ়াই আহিছে লখিমপুৰ জিলা ড্ৰাগ পৰিদর্শক কাৰ্যালয়ত । মাহ মাহ ধৰি প্ৰকৃত কৰ্মথলীত সেৱা আগবঢ়োৱাৰ পৰিবৰ্তে অন্য সুবিধাজনক স্থানত চৰকাৰী সেৱা আগবঢ়াই যোৱা এই সকল কৰ্মচাৰীৰ এনে মতলবী ভূমিকাত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ শীর্ষ আমোলা বিষয়া সকলৰ কৃপা দৃষ্টি থকাটো স্পষ্ট ।
ঢকুৱাখনা মহকুমা স্বাস্থ্য বিভাগত ব্যাপক প্ৰয়োজনীয়তা থকা স্বত্বেও কি স্বাৰ্থত এইসকল চৰকাৰী কৰ্মচাৰীক ঢকুৱাখনা মহকুমাৰ পৰা নি বিভিন্ন সুবিধাজনক ঠাইত অস্থায়ী ভাবে নিযুক্ত কৰা হৈছে সেয়াই প্ৰকট কৰে এনেচাম চৰকাৰী আমোলা, বিষয়া ,কৰ্মচাৰীৰ ঢকুৱাখনা প্ৰীতি। ঢকুৱাখনা মহকুমাৰ স্বাস্থ্য খণ্ডৰ পৰা বেতনভোগ কৰি এনেদৰে মাহ বছৰ ধৰি অন্য জিলাত সেৱা আগবঢ়োৱা এইসকল সুবিধা ভোগী কৰ্মচাৰীৰ এনে মতলবী ভূমিকা দেখি জানিও নিচ্ছুপ মহকুমা স্বাস্থ্য বিভাগ আৰু বিভিন্ন তথাকথিত সংগ্ৰামী সংগঠন ।
ব্যতিক্ৰম কেৱল ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ। ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে সবল প্ৰতিবাদ । পৰিষদৰ সভাপতি জীৱন গগৈ , সম্পাদক অতুল চুতীয়াই কাম এঠাইত কৰি আৰু দৰমহা অন্য এঠাইত লোৱা নীতিৰ সবল বিৰোধিতা কৰি শীঘ্ৰে এইসকল সুবিধাবাদী কৰ্মচাৰীক প্ৰকৃত নিযুক্তি স্থানলৈ উভতাই পঠোৱাৰ দাবী জনাইছে।
তাৰোপৰি জিলা কৰ্মচাৰী পৰিষদে ঢকুৱাখনা মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে তৎকালে এইসকল কৰ্মচাৰীক ঢকুৱাখনা মহকুমা স্বাস্থ্য খণ্ডলৈ ঘূৰাই পঠাবলৈ। অন্যথাই ঢকুৱাখনাবাসীৰ সহযোগত এনে স্বাস্থ্য বিভাগৰ এনে অবিবেচকী পদক্ষেপৰ বিৰুদ্ধে এক সংগ্ৰামী পদক্ষেপ গ্ৰহণ কৰা হব বুলিও সকীয়াই দিছে কৰ্মচাৰী পৰিষদে । এই ক্ষেত্ৰত স্থানীয় বিধায়ক নৱ দলেৰ নীৰৱ ভূমিকাও লক্ষণীয় হিচাবে ধৰা দিছে।
আৰু পঢ়ক: গোৱালপাৰাত চাঞ্চল্য! পত্নীক হত্যা কৰি বাসগৃহত অগ্নিসংযোগ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RMat6xA
via IFTTT
Comments
Post a Comment