গুৱাহাটীৰ পৰা শিৱসাগৰলৈ “মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বৃক্ষৰোপণ আঁচনি”

ডিজিটেল সংবাদ, ওৰাং:– আজাদী কা অমৃত মহোৎসৱ ৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পৰা ঐতিহাসিক শিৱসাগৰলৈ “মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বৃক্ষৰোপণ আঁচনি” তথা পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে অসম বৃক্ষৰোপণ, শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাৰ চাইকেল যাত্ৰা। যোৱা ১৩ আগষ্টত গুৱাহাটী APDCL কাৰ্যালয়ৰ পৰা আৰাম্ভ কৰা চাইকেল যাত্ৰা ১৭ আগষ্টত শিৱসাগৰত অন্ত পেলাব অশোক শৰ্মাই।

চাইকেল যাত্ৰাৰে মঙ্গলদৈ চহৰৰ পৰা আজি ওৰাঙত উপস্থিত হয় অশোক শৰ্মাই। ৰবিবাৰে ১১১ কিলোমিটাৰ চাইকেল যাত্ৰা কৰি তেজপুৰত উপস্থিত হ’ব অশোক শৰ্মাই। চাইকেল যাত্ৰাৰ সময়ত নিদিষ্ট স্থানত বৃক্ষৰোপণ আৰু জাতীয় পতাকা বিতৰণ কৰে অসম বৃক্ষৰোপণ, শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাই। চাইকেল যাত্ৰা কালত ওৰাং লক্ষী মন্দিৰত উপস্থিত হৈ বৃক্ষৰোপণ কৰাৰ লগতে গছপুলি আৰু জাতীয় পতাকা বিতৰণ কৰে অশোক শৰ্মাই। ওৰাঙত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায় অশোক শৰ্মাক।

উষ্ম আদৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ৰাজ্যিক মহিলা আয়োগৰ উপাধক্ষ্য নীলিমা দেৱী ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, ওদালগুৰি জিলা যুৱ মৰ্চাৰ সম্পাদক নিপজ্যোতি বৰুৱা, ওদালগুৰি জিলা কিষান মৰ্চাৰ সভাপতি তথা ওদালগুৰি পৌৰ সভাৰ উপ পৌৰপতি প্ৰাচূৰ্য দাস, ওদালগুৰি জিলা অ বি চি মৰ্চাৰ সভাপতি দিব্যজ্যোতি শইকীয়া, ওদালগুৰি জিলা কিষান মৰ্চাৰ উপ সভাপতি ৰবিন দৈমাৰী, ৰৌতা মণ্ডল বিজেপিৰ তথ্য প্ৰযুক্তিৰ আহ্বায়ক ৰাজু হাজৰিকা, ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ সদস্য কষ্ট ৰাম বাগলাৰী, প্ৰাক্তন বিজেপি কৰ্মী কেশৱ চন্দ্ৰ বৰুৱা, ৰৌতা মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি শিতেষ সেন আৰু ওদালগুৰি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অমৰজ্যোতি দাস।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ynGD1mW
via IFTTT

Comments