বটদ্ৰৱাৰ ভেৰভেৰীত মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰীত পুখুৰীত ওপঙি থকা অৱস্থাত ৩৬ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

মঙলবাৰে নিশা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি বটদ্ৰৱা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উদ্ধাৰ হোৱা মৃতদেহটো ৰামপুৰ সত্ৰৰ ছহিদুল ইছলামৰ বুলি জানিব পৰা গৈছে। এয়া হত্যা নে আত্মহত্যা সেয়া বৰ্তমান সময়ৰ লৈকে জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/uhkrpCa
via IFTTT

Comments