আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি…

ডিজিটেল ডেস্ক : ‘মাতৃ নামে সত্যসন্ধ্যা, পিতা কুসুমবৰ, তেওঁৰে পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰ’। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে ব্যাপক আয়োজন। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিবেশ।
ভক্তি ৰসেৰে জীপাল হ’ব সত্ৰ-নামঘৰসমূহৰ চৌপাশ। ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জণগনে। সত্ৰ নগৰী বৰপেটাত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ।
ইয়াৰ ব্যতিক্ৰম নহয় বিদেশত থকা অসমীয়াও। বাংলাদেশৰ গাজীপুৰত স্থাপন কৰা হৈছে নামঘৰ। কেৱল হিন্দু সকলেই নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ বিৰচিত সাহিত্য-সংস্কৃতিৰ মুছলমান গুণগ্ৰাহীও আছে চুবুৰীয়া ৰাষ্ট্ৰখনত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/UlkbWDj
via IFTTT
Comments
Post a Comment