১২ ছেপ্টেম্বৰৰ পৰা পঞ্চদশ অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন…

ডিজিটেল সংবাদ : ১২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন। পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব এই অধিৱেশন। ১২, ১৩, ১৫,১৬ আৰু ১৯ ছেপ্টেম্বৰ এই ৫টা দিনত অনুষ্ঠিত হ’ব অধিৱেশন।

প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মৃত্যু প্রসংগ, প্রশ্ন শিতানৰ লগতে অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব।

ইয়াৰ উপৰিও অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী। ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন সূচী । এই সমূহ কাৰ্যসূচী ১২ ছেপ্টেম্বৰত আলোচনা কৰা হ’ব।

আনহাতে, ১৩ ছেপ্টেম্বৰৰ দিনা বেচৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদ্যসৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি আলোচনা কৰা হ’ব।

১৪ ছেপ্টেম্বৰৰ দিনা চৰকাৰী বন্ধ। সেয়েহে সেই দিনা অধিৱেশন অনুষ্ঠিত নহয়। ১৫ ছেপ্টেম্বৰৰ দিনা কাৰ্যসূচী অনুসৰি প্রশ্নৰ শিতান, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ উপস্থাপন, বিবেচনা তথা পাতিকৰণ আলোচনা কৰা হ’ব।

১৬ ছেপ্টেম্বৰ শুকুৰবাৰেও প্রশ্নৰ শিতান আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰ্তিকৰণ আদি আলোচনা কৰা হ’ব। ১৯ ছেপ্টেম্বৰ সোমবাৰে অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। কাৰ্ষসূচী অনুসৰি প্রশ্নৰ শিতান, চৰকাৰী বিধেয়কসমূহৰ বিবেচনা আৰু পাতিকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু সদন স্থগন।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Vw9iEPW
via IFTTT

Comments