কোকৰাঝাৰৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ

ডিজিটেল ডেস্ক: কৃষি ক্ষেত্ৰৰ অগ্ৰগতিৰ দিশত যথেষ্ঠ গুৰুত্ব আৰোপ কৰিছে ককোকৰাঝাৰ জিলা কৃষি বিভাগে। জিলা কৃষি বিভাগৰ সহযোগত জিলাখনৰ কাহিবাৰী আৰু চেৰফাংগুৰি কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাগানপাৰা,দক্ষিণ পাটগাঁও, ভাউৰাগুৰি আৰু ঝাৰবাৰী কৃষি উন্নয়ন খণ্ডৰ কেইবাগৰীও কৃষকে সফলতাৰে কৃষি কাৰ্য কৰি যাবলৈ সক্ষম হৈছে।

বৃহস্পতিবাৰে জিলাখনৰ চাৰিখনকৈ কৃষিখেত্ৰ পৰিদৰ্শন কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, বিটিআৰৰ কৃষি সঞ্চালক বিনোদ বসুমতাৰীৰ লগতে জিলা কৃষি বিভাগৰ এটা দলে। পৰিদৰ্শন কালত কাৰ্যবাহী সদস্য শ্ৰী ঘনশ্যাম দাসে কৃষি কাৰ্য সূচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত হোৱা অসুবিধা সম্পৰ্কে খেতিয়কৰ পৰা বুজ লয় আৰু পৰৱৰ্তী সময়ত কৃষি কাৰ্য চলাই নিয়াৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি আগবঢ়ায়।

উল্লেখযোগ্য যে কাহিবাৰী কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাগানপাৰাৰ কৃষক মুনিন্দ্ৰ ৱাৰীয়ে প্ৰায় ৩০ বিঘা ভূমিত তামোল আৰু মাল্টাৰ খেতি, দক্ষিন পাট গাঁৱৰ কৃষক ৰুদ্ৰসিং নাৰ্জাৰীয়ে ৬০ বিঘা ভূমিত বিপন্ন শাক পাচলিৰ খেতি আৰু চেৰফাংগুৰি কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাওৰাগুৰিৰ কৃষক মংগলঠি বড়োয়ে প্ৰায় ২০ বিঘা ভূমিত জহা ধানৰ খেতি কৰিছে।

আনহাতে জিলাখনৰ ঝাৰবাৰীৰ কৃষক ৰিলেন্দ্ৰ বসুমতাৰীয়ে ৩০১ বিঘা ভূমিত জৈৱিক পদ্ধতিৰে ভিন্ন ধৰণৰ পাচলি খেতি কৰাৰ বিষয়ে জানিবলৈ দিয়ে। ইয়াৰ বাবে কৃষি বিভাগে আগবঢ়োৱা সহায়ৰ বাবে জিলা কৃষি বিভাগক শলাগ লয় কৃষককেইগৰাকীয়ে। কৃষি বিভাগে যোগান সৌৰ চালিত পাম্প, বীজৰ লগতে ভিন্ন জাতৰ পুলিৰ আদিৰ পৰা তেওঁলোক যথেষ্ঠ উপকৃত হোৱা বুলিও জানিবলৈ দিয়ে।

আৰু পঢ়ক: ২০ কোটি টকাৰ ব্যয়ত আজি ভাঙি পেলোৱা হ’ব বিশাল টুইন টাৱাৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Lbn0rMh
via IFTTT

Comments