ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত মহিলা…

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ ধেমাজি চৌখামগাঁৱৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুঘৰ্টনা সংঘটিত হয়।

এই দুৰ্ঘটনাত ধেমাজি লক্ষীপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লেবটৰী ট্ৰেকনেছিয়ান সংগীতা চিলপনীয়া ফুকন (৩৮ )ৰ মৃত্যু হয় ৷ উল্লেখ্য যে, মঙলবাৰে পুৱা ৯ .৪০ মান বজাত ধেমাজি নগৰ দিশৰ পৰা নিজৰ কৰ্মস্থলী লক্ষীপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ স্কুটীৰে গৈ থকা অৱস্থাতেই বিপৰীত দিশৰ পৰা তীব্ৰ গতিৰে আহি থকা এ.এচ – 07BC5271 নম্বৰ টাটা ম’বাইল গাড়ীয়ে বাছ গাড়ী এখনক অভাৰটেক কৰিয়েই খুন্দিওৱাৰ ফলত মটৰচাইকেল
সহ মহিলাগৰাকী চিটিকি বহু দুৰত পৰেগৈ ৷

ঘটনাৰ পিছতেই অঞ্চলৰ ৰাইজে তৎতাতৈয়াৰকৈ মহিলাগৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলা গৰাকী জখম গুৰুতৰ হোৱা বাবে চিকিৎসা নোপোৱাৰ আগতেই অতি কৰুণভাবে মৃত্যুক সাবটি লবগীয়া হয় ৷

জানিব পৰামতে মহিলা গৰাকী ঘৰ ধেমাজি এৰাঢলৰ কোলাপথাৰত৷ স্বাস্থ্য বিভাগৰ লেবটৰী ট্ৰেকনেছিয়ান কৰ্মচাৰী গৰাকীৰ মৃত্যু খবৰ পোৱা লগে লগেই অঞ্চলবাসী ৰাইজৰ লগতে চিকিৎসা বিভাগৰ কৰ্মচাৰী সকলে উপস্থিত হয়গৈ। উল্লেখ্য যে স্বাস্থ্য বিভাগৰ লেবটৰীট্ৰেকনেছিয়ান কৰ্মচাৰী সংগীতাৰ কৰ্মৰ প্ৰতি থকা একাগ্ৰতা আৰু নিস্তাবানৰ বাবেই বিগবৰ্ষত জিলা প্ৰশাসনৰ ফালৰ পৰা সন্মানও পাইছিল ৷

স্বাস্থ্যবিভাগৰ এই মহিলা গৰাকী মৃত্যু ঘটনাত আজি ধেমাজিত গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যু সময়ত তেওঁৰ স্বামীৰ সৈতে এটি ১১বছৰীয়া সন্তান এৰি গৈছে ৷

আৰু পঢ়ক: বটদ্ৰৱাৰ ভেৰভেৰীত মৃতদেহ উদ্ধাৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YloQtuc
via IFTTT

Comments