ড০ আশ্ৰফ আলীক বৰবৰী মিলন মাধ্যমিক বিদ্যালয়ৰ সম্বৰ্ধনা…

প্ৰতিদিন সেৱা মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ কুৰানীবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত খলাভূঞা গাঁৱৰ সু-সন্তান আশ্ৰফ আলীয়ে শিলচৰ অসম বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰাৰ বাবে বৰবৰী মিলন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে বিশাল আয়োজন কৰি সম্বৰ্ধনা জনায়।

ইজিপ্তৰ এগৰাকী প্ৰখ্যাত লেখক Abbas Mahmud Al Aqqad and Madrassa Al Diwan -A critical study শীৰ্ষক এটা জটিল বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰি লৈ  বৃহত্তৰ মায়ং অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বানে গৰকা পকৰীয়া মৌজাৰ গাগলমাৰীত অবস্থিত বৰবৰী মিলন মাধ্যমিক বিদ্যালয়ত আশ্ৰফ আলীক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক চাহাবুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ শিক্ষক ফইজুল হকে।

আশ্ৰফ আলীক এখন গামোচা, জাপি, শৰাই, ফুলৰ থোপা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফণীভূষণ নাথ, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গেৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুমনি গোস্বামী আৰু সাংবাদিক নজৰুল ইছলামে।

শিক্ষক গোটৰ হৈ ভাষণ আগবঢ়াই প্ৰবক্তা আবুল ফজলে। ডক্টৰেট ডিগ্ৰী লাভ কৰা আশ্ৰফ আলীয়ে তেখেতৰ গৱেষণাৰ বিষয় বস্তু আৰু অভিজ্ঞতাৰ কথা উল্লেখ কৰে। ড০ আশ্ৰফ আলীয়ে ২০০৫ চনত বুৰাবুৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা আৰৱী বিষয়ত মেজৰ লৈ বি এ পাছ কৰে। শিলচৰ অসম বিশ্ববিদ্যালয়ৰ পৰা এম এ, এম ফিল আৰু অতি শেহতীয়াকৈ পি, এইচ, ডি, ডিগ্ৰী ল’বলৈ সক্ষম হয়।

সম্বৰ্ধনা সভা খনৰ আৰম্ভণিতে এটি জিকিৰ পৰিবেশন কৰে বালিমুখ গাঁৱৰ জিকিৰ গীতৰ শিল্পী মহৰ আলী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। অঞ্চলটোৰ বহু বিশিষ্ট নাগৰিকৰ লগতে বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে সভাত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1RSsLfF
via IFTTT

Comments