বকোত মুক্তিযোদ্ধা কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা…

ডিজিটেল সংবাদ, বকো: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ জিলাৰ বকোত মুক্তিযোদ্ধা প্ৰয়াত কাতিৰাম ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যো-জা চলাইছে । মুক্তিযোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বকো সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতাক সভাপতি আৰু প্ৰদীপ নাথক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি এখন ২১জনীয়া সমিতি গঠন কৰা হৈছে ।
যিখন সমিতিত কাৰ্যকৰী সভাপতি হিচাপে ভোগদাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বাধীন বড়ো আৰু উপ-সভাপতি হিচাপে বেণুধৰ ৰাভাক দায়িত্ব দিয়া হৈছে । সমিতিখনৰ উপদেষ্টা হিচাপে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ডা৹ শৰৎ চন্দ্ৰ ৰাভা, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ তপন দত্ত, বকো বি এড কলেজৰ অধ্যক্ষা ড৹ মেৰী চৌধুৰী, হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ গণেশ্বৰ চহৰীয়াক দায়িত্ব অৰ্পণ কৰে ।
সমিতিখনে প্ৰথমে মুক্তিযোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি ইয়াৰ পিছত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ঠাইত পৰ্যায় ক্ৰমে স্মৃতি ভৱন, পুথিভঁৰাল আদি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখযোগ্য যে স্বাধীনতা সংগ্ৰামী তথা বকোক আধুনিক ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ অবদান থকা বকো টুৰুকপাৰা গাঁৱৰ প্ৰয়াত কাতিৰাম ৰাভাৰ জন্ম হৈছিল ১৯১৯ ইংবৰ্ষত আৰু মৃত্যু হয় ২০১৮ ইংবৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত ।
আৰু পঢ়ক : ত্যাগবীৰ হেম বৰুৱাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/InsYA8T
via IFTTT
Comments
Post a Comment