১ মিনিটত ২৫ খবৰ…

১)১৫ আগষ্টৰ সন্ধিয়া পতাকা সমূহ খুলি সযতনে ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২) স্বাধীনতা দিৱসৰ আগ মুহুৰ্তত আলফা(স্বা)ৰ দুই লিংকমেনক আটক। তেওঁলোকৰ নাম ক্ৰমে- মৃণালী গগৈ আৰু আনজন সৌৰভ চেতিয়া ।

৩) স্বাধীনতা আন্দোলনৰ সময়ত বৃটিছৰ ৰেল গাড়ী বগৰোৱা ঘটনাৰ মূল নায়ক স্বাধীনতা সংগ্ৰামী তথা মুক্তিযোদ্ধা মহদানন্দ দেৱ গোস্বামীৰ মৰিগাঁও জিলাৰ মায়ঙৰ দৈপৰাৰ বাসভৱনত আজি উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত।

৪) ৭৫ তম স্বাধীনতা দিৱসৰ বৰ্ষপুতি উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মানকাচৰৰ মীৰজুমালা হিফজুল কুৰআন ছিদ্দিকীয় মাদ্ৰাছাই তিনি দিনীয়াকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। দেওবাৰে মাদ্ৰাছা খনৰ প্ৰায় আঢ়ৈ শতাধিক ছাত্ৰৰ সহযোগত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মীৰজুমলাৰ পৰা এখন সমদল যাত্ৰা উলিওৱা হয়।

৫) ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তিত ৰাভা ছহিদ সোঁৱৰণী সাংবাদিকতা বঁটা গ্ৰহণ কৰিব সাংবাদিক দেৱদত্ত ৰাভাই । 

৬)সমগ্ৰ দেশে পালন কৰিছে স্বাধীনতাৰ অজাদী কা অমৃত মহোৎসৱ। মৰিগাঁৱতো আজাদী অমৃত মহোৎসৱৰ অংশ হিচাপে হৰ ঘৰ ত্ৰিৰংগাৰ কাৰ্যসূচী সফল ৰূপায়ন কৰে।

৭)অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দেওবাৰে গোলাঘাট জিলাত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ।

৮) পলাতক মৃদুপৱন নেওগে অতি শীঘ্ৰেই যোগদান কৰাৰ সম্ভাৱণা ৰাষ্ট্ৰীয় দলত। নিজেই কৰিলে ঘোষণা।

৯)অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে মৰিগাঁও জিলাৰ মৰাকলং (শিমলুগুৰি) আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি উদ্বোধন কৰাৰ লগতে এই কেন্দ্ৰৰ প্ৰাংগনৰ পৰাই জাগীৰোড সমষ্টিৰ আন ১১ টা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে ।

১০)নাগালেণ্ডক তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু নিষ্কাশন আৰম্ভ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

১১) গুৱাহাটীৰ পানীখাইতিত অঘটন।দেওবাৰে সংঘটিত হয় এই ঘটনা । পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ।মৃত যুৱকজন আমগাঁৱৰ চহিদুল ইছলাম বুলি চিনাক্ত।

১২) দক্ষিন কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বাটৰহাটস্থিত ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিন কামৰূপ জিলা কাৰ্যালয় দেওবাৰে শুভ উদ্ধোধন হয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যালয়ৰ উদ্বোধন কৰে।

১৩) স্বাধীনতাৰ প্ৰাকঃক্ষণত শুৱালকুছি নদী আৰক্ষীয়ে গৰৈমাৰীৰ আলিকাষৰ ব্ৰহ্মপুত্ৰ নদীত দেওবাৰে পুৱা পতাকা লৈ বৃহৎ নৌকা সমদল উলিয়ায় ৷ 

১৪) দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে “খুমটাইলৈ যাওঁ ব’লক” কাৰ্যসূচীত গোলাঘাট জিলাৰ খুমটাইত ৰাজ্যখনৰ চহা জীৱনৰ লগত একাত্ম হ’ল ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক সকল।

১৫) ৰাজ্যৰ ১৩ আৰক্ষী বিষয়া, কণিষ্টবললৈ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী সন্মান।

১৬)মঙলদৈত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গৌৰৱ যাত্ৰাত ভূপেন বৰা আৰু ৰকিবুল হুছেইন। স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আয়োজন কৰে গৌৰৱ যাত্ৰা ৷ দেওবাৰে মঙলদৈতো এই গৌৰব যাত্ৰা আয়োজন কৰা হয়।

১৭) দেশজুৰি উদযাপিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে নাৰায়ণপুৰৰ যুৱকৰ বাংগালুৰুত মৃত্যু।ত্ৰিদিপ কোঁৱৰ নামৰ যুৱকজন বাংগালুৰুৰ এটা কোম্পানীত খাদ্য বিভাগৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল।

১৮)  ‘যধে মধে বিনামূলীয়া আঁচনি ঘোষণা নকৰিব’ ৰাজ্য চৰকাৰ সমূহলৈ এই পৰামৰ্শ কেন্দ্ৰীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। 

১৯)অসমৰ বাবে আন এক সু-খবৰ। নতুন দিল্লীৰ জনকপুৰীৰ এম.চি.ডি কমিউনিটি চেণ্টাৰত অনুষ্ঠিত হয় ষোড়শ সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপত গুৱাহাটীৰ মিনাক্ষী সিঙে ব্ৰঞ্জৰ পদক অৰ্জনেৰে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।

২০)গোলাঘাট জিলাৰ ধনশিৰি মহকুমা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত ,ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ অন্তৰ্গত উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্র সন্থাৰ ত্ৰি-বাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

২১) বোকাখাতৰ বিহৰা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা । অচিনাক্ত বাহনে মহটিয়াই নিলে চাইকেল আৰোহীক।থিতাতে নিহত চাইকেল আৰোহী ৰোহিত ভূমিজ।

২২) ডিগবৈৰ নাজিৰাটিং পৰ্যটনস্থলীত ডকাইতি কাণ্ড। পৰ্যটনস্থলীলৈ যোৱা ভাতৃ-ভগ্নীক আক্রমণ ৬জনীয়া ডকাইতৰ।

২৩) গোলাঘাটত চাঞ্চল্যকৰ ঘটনা । এখন ব্যৱসায়ীক প্রতিষ্ঠানত আঁৰি থোৱা ত্রিৰংগা পতাকা চুৰি দুৰ্বৃত্তৰ। গোলাঘাটৰ বেজবৰুৱা চাৰিআলিৰ সমীপত সংঘটিত এই ঘটনা।

২৪) স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কনকন শিশু, কিশোৰ-কিশোৰী সকলক মাজত চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা।

২৫) কাইলৈ স্বাধীনতা দিৱস। সমগ্ৰ দেশে পালন কৰিব দিৱস। ইতিমধ্যে প্ৰস্তুতি হৈছে সম্পূৰ্ণ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zmHP3aq
via IFTTT

Comments