পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা ! নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী, আহত ২ জন সেনা…

ডিজিটেল ডেস্কঃ পুনৰ জন্মু-কাশ্মীৰত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ। জন্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সংঘটিত হোৱা এই আক্ৰমণত দুজন সেনা জোৱান আহত হৈছে যদিও দুটাকৈ সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে। আহত দুই জোৱানক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
জম্মু জ’নৰ এডিজিপি মুকেশ সিঙে এই সংঘৰ্ষৰ সন্দৰ্ভত কয় যে- কিছুমান লোকে দাৰহালৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত্বত সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল। সেনা জোৱানসকলে ইয়াৰ এক তথ্য লাভ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে সেই লোকসকলক আত্মসমৰ্পণ কৰিবলৈ কৈছিল যদিও তেওঁলোকে গুলীবৰ্ষণ আৰম্ভ কৰে।
ইয়াৰ উপৰিও তেওঁ কয়- ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীবৰ্ষণ কৰে। য’ত দুজন সন্ত্ৰাসবাদী নিহত হয়। একে সময়তে, দুজন সেনা জোৱান আহত হৈছে। গুলীবৰ্ষণ বন্ধ হোৱাৰ পিছত সেনা জোৱান আৰু আৰক্ষীয়ে অঞ্চলটোত তালাচী অভিযান চলাই আছে। একে সময়তে, অতিৰিক্ত সামৰিক দলো আৰক্ষী থানা দাৰহালৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত থকা স্থানলৈ প্ৰেৰণ কৰা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bGP2KAX
via IFTTT
Comments
Post a Comment