বাংলাদেশত বিদ্যুতৰ চৰম নাটনি, বাংলাদেশত ইন্ধনৰ দাম ৫২ শতাংশ বৃদ্ধি…

ডিজিটেল সংবাদ : বাংলাদেশত বিদ্যুতৰ চৰম নাটনি। ইন্ধনৰ অভাৱনীয় দাম বৃদ্ধি হৈছে বাংলাদেশত। বাংলাদেশ চৰকাৰী কাৰ্যালয়ৰ কৰ্ম সময়ৰ ব্যাপক সালসলনি। চৰকাৰী কাৰ্যালয় সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব। বেংকৰ কাম-কাজ চলিব পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ। শৈক্ষিক প্ৰতিষ্ঠানসমূহ সপ্তাহত দুদিনকৈ বন্ধ থাকিব। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ।
এই সিদ্ধান্ত বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। কম পৰিমাণে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰৰ আহ্বান চৰকাৰৰ। চৰকাৰী কাৰ্যালয়ৰ খিৰিকী পৰ্দাও আঁতৰোৱাৰো নিৰ্দেশ। বাংলাদেশত শেহতীয়াকৈ ইন্ধনৰ দাম ৫২ শতাংশ বৃদ্ধি। বাংলাদেশ কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/uJPsTjt
via IFTTT
Comments
Post a Comment