ধূপধৰাত গোৱালপাৰা ফটোগ্ৰাফীক চ’ছাইটিৰ কৰ্মশালা…

ডিজিটেল সংবাদ, ধূপধৰাঃ সমগ্ৰ বিশ্বত ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰা হয় ৷ বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা ফটোগ্ৰাফীক চছাইটিৰ উদ্যোগতো শুকুৰবাৰে ধূপধৰাৰ বিকালী মহাবিদ্যালয়ত এখন কৰ্মশালা অনুষ্ঠিত হয় ৷ বিকালী মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা কৰ্মশালাত বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ গগৈৰ উপৰি গোৱালপাৰা ফটোগ্ৰাফীক চছাইটিৰ সদস্য আৰু মহাবিদ্যালয়ৰ ছাত-ছাত্ৰীসকল উপস্থিত থাকে ৷
গোৱালপাৰা ফটোগ্ৰাফীক চছাইটিৰ সভাপতি বেঞ্জামিন কামানৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত চছাইটিৰ সদস্য বিদ্যুত বিকাশ পাঠক, দিগন্ত ৰাভা, অৰূপ নাথ, বাণীকান্ত ৰাভা, জ্যোতিৰ্ময় কলিতা আৰু মুনদীপ ৰাভাই
ফটোগ্ৰাফীৰ বিভিন্ন দিশত আলোচনা আগবঢ়ায় ৷ আনহাতে কৰ্মশালাত গোৱালপাৰা ফটোগ্ৰাফীক চছাইটিৰ সদস্যসকলৰ ফটো প্ৰদৰ্শনো কৰা হয় ৷ কৰ্মশালাৰ শেষত গোৱালপাৰা ফটোগ্ৰাফীক চছাইটিৰ সভাপতি বেঞ্জামিন কামানৰ নেতৃত্বত মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলক ফটোগ্ৰাফীৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয় ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/tTUor0g
via IFTTT
Comments
Post a Comment