আৰক্ষীক ভাল পৰামৰ্শ দি অপদস্থ অভিনেতা জয়ন্ত দাস, দুৰ্ব্যৱহাৰ কৰা আৰক্ষীৰ বাহনৰ চালকক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্ক : অসমৰ এগৰাকী চিৰসেউজ অভিনেতা জয়ন্ত দাস। বহু চ্চলচিত্ৰৰ লগতে টিভিৰ ধাৰাবাহিকত অভিনয় কৰিছিল তেওঁ। কিন্তু এইগৰাকী অভিনেতাগৰাকীক বৃহস্পতিবাৰে অসম আৰক্ষীৰ বাহনৰ চালকে দুৰ্ব্যৱহাৰ কৰে।
উল্লেখ্য যে আৰক্ষীক ভাল পৰামৰ্শ দি অপদস্থ অভিনেতা জয়ন্ত দাস। বৃহস্পতিবাৰে সন্ধিয়া উজান বজাৰত এজন আৰক্ষীক ভাল পৰামৰ্শ দিছিল তেওঁ। তেওঁ আৰক্ষীগৰাকীক কৈছিল যে – আৰক্ষীৰ পোছাক পৰিধান কৰি কেতিয়াও চাধা মলি নাথাকিব বেয়া দেখি। তেওঁ সেই কথাষাৰ ধেমেলীয়া সুৰত কৈছিল। যাতে অসম আৰক্ষীৰ সাধাৰণ জনতাৰ সন্মুখত এক ভাল পৰিচয় হৈ থাকে।
কিন্তু অতি লজ্জাজনক কথা যে ভাল পৰামৰ্শ দিয়াৰ পাছত আৰক্ষীৰ বাহনৰ চালক গৰাকীয়ে তেওঁ বেয়া ব্যৱহাৰ কৰি পিতৃ-মাতৃক ধৰি গালি পাৰে। আৰু বিভিন্ন ধৰণৰ কটু বাক্যৰে অভিনেতা গৰাকীক মনত আঘাত দিয়ে। কিন্তু অভিনেতা জয়ন্ত দাসে আৰক্ষীৰ বাহনৰ চালক গৰাকীক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাছিল।
অসম আৰক্ষীৰ গাত চেঁকা নাথাকিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰিছে। এই ক্ষেত্ৰত যদি সাধাৰণ জনতাক তেওঁলোকে ভাল ব্যৱহাৰ নকৰে তেন্তে মুখ্যমন্ত্ৰীৰ চেষ্টা অথলে যাব। সেয়ে অভিনেতা দাসে এই পৰামৰ্শ দিছিল। চাধা মাৰি থকা আৰক্ষী বিষয়া গৰাকীয়ে দাসৰ কথা ভালদৰে স্বীকাৰ কৰিছিল। কিন্তু বাহনৰ চালক গৰাকীয়ে কৰা ব্যৱহাৰত তেওঁ অত্যন্ত দুখ পাইছিল।
সেয়ে তেওঁ ফেচবুকত এটা পোষ্ট দি দুখ প্ৰকাশ কৰি ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল। আৰু সেই ফেচবুক লাইভটোৰ পাছতে অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীৰ বাহনৰ চালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই বাহন চালক গৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/e5dgmiZ
via IFTTT
Comments
Post a Comment