২০ কোটি টকাৰ ব্যয়ত আজি ভাঙি পেলোৱা হ’ব বিশাল টুইন টাৱাৰ…

ডিজিটেল ডেস্ক: আজি ভাঙি পেলোৱা হব উত্তৰ প্ৰদেশৰ নয়দাত অৱস্থিত চুপাৰটেক টুইন নাৱাৰ। কেইটামান ঘন্টাৰ পাছতেই খহি পৰিব আকাশচুম্বী অট্টালিকা দুটা।

টাৱাৰটোৰ উচ্চতা প্ৰায় ১০০ মিটাৰ, যি কুতুব মিনাৰতকৈ অধিক। অট্টালিকা ধ্বংস কৰাৰ কাম কৰি থকা এডফিছ ইঞ্জিনিয়াৰিঙৰ এজন বিষয়াই কয় যে দেওবাৰে “ৱাটাৰ ফ্ল ইমপ্লোজন” প্ৰযুক্তিৰে ভৱনটো সুৰক্ষিতভাৱে ভাঙি পেলোৱা হ’ব। তেওঁ কয় যে এপেক্স টাৱাৰ (৩২ মহলীয়া) আৰু চিয়ান (২৯ মহলীয়া) ১৫ ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰত তাচ পাতৰ দৰে ভাঙি পেলোৱা হ’ব।

উল্লেখ্য যে, দেওবাৰে এই টুইন টাৱাৰটো ভাঙিবলৈ মুঠ খৰচ পৰিব ২০ কোটি। এই সমস্ত ব্যয় বহন কৰিব নিৰ্মাণকাৰী সংস্থা চুপাৰটেৰ লিমিটেডে। উচ্চতম ন্য়ায়ালয়ৰ ৰায়ৰ পাছতেই এই টাৱাৰ ভঙাৰ সিদ্ধান্ত লয়।

কেৱল ইমানেই নহয়, এই টুইন টাৱাৰত ঘৰ ক্ৰয় কৰা সকলক ঘৰ বুকিং কৰাৰ সময়ৰ পৰা ধৰি ১২ শতাংশ সূতৰ হাৰত টকা ঘূৰাই দিব লাগিব।

দুৰ্নীতিৰ আধাৰত নিৰ্মাণ হোৱা এই টাৱাৰ দুটাৰ এপেক্স আৰু চিয়ানৰ উচ্চতা ১০০-৯৪ মিটাৰ। ২০১৪ চনক এলাহাবাদ উচ্চ ন্যায়ালয়ে ইয়াক অবৈধ বুলি ঘোষণা কৰিছিল আৰু পিছত বিষয়টো উচ্চতম ন্যায়ালয়লৈ গৈছিল। উচ্চতম ন্যয়ালয়ে পিছত এই টাৱাৰটো ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।

আৰু পঢ়ক: ধিক স্বাস্থ্য বিভাগ! দৰমহা লয় ঢকুৱাখনাৰ,চাকৰি কৰে  বৰপেটা-নলবাৰী-ধেমাজিত



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hCKAajl
via IFTTT

Comments