বকোত ৰাইজে জব্দ কৰিলে সন্দেহযুক্ত চোৰাং চাউলসহ ট্ৰাক…

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে চাউলসহ ট্ৰাক এখন জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ছাটাবাৰীগাঁৱৰ মাজেৰে গৈ থকা এএচ-১৯/ চি -৩৯৮৫ নম্বৰৰ ট্ৰাক এখনে পথচাৰীক খুন্দিয়াই যাৱ খোজাত স্থানীয় ৰাইজে গাড়ীখন ৰখাই দিয়ে ।

ইয়াৰ পিচত গাড়ীখনত চাউল দেখি একাংশ লোকে সেই চাউল চোৰাং চাউল বুলি সন্দেহ কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উত্তৰ বনগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গটাই দিবলৈ নিয়ে । কিন্ত সেই সময়ত কাৰ্যালয়টোত কোনো নথকাত জামবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল আৰু ছয়গাঁও ৰাজহ চক্ৰ বিষয়াই কথাটো গমপাই লগে লগে উত্তৰ বনগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হয় ।

চাউলসহ ট্ৰাকখন জব্দ কৰি সম্প্ৰতি জামবাৰী আৰক্ষী চকীত ৰাখিছে । অভিযোগ মতে সুলভ মূল্যৰ দোকানৰ বিনামূলীয়া চাউল চোৰাংকৈ ছাটাবাৰীস্থ উদ্যোগিক পাম এলেকাৰ ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাইভেট লিমিটেড নামৰ সুৰা প্ৰস্তুত কৰা উদ্যোগটোলৈ আনিছিল।

উল্লেখযোগ্য যে সোণতলী, গৰৈমাৰী , নগৰবেৰাকে ধৰি গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ সুলভ মূল্যৰ দোকানৰ বিনামূলীয়া চাউল চোৰাংকৈ দিনে-ৰাতিয়ে ছাটাবাৰীস্থ উদ্যোগিক পাম এলেকাৰ ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাইভেট লিমিটেড নামৰ উদ্যোগটোলৈ কঢ়িয়াই আনে ।

উদ্যোগটোৰ কাষতে জামবাৰী আৰক্ষী চকীত আৰক্ষীয়ে অনবৰতে টিঘিলঘিলাই থাকে যদিও সেই চাউল স্থানীয় ৰাইজে জব্দ নকৰিলে ৰহস্যজনক ভাবে আজিলৈকে আৰক্ষীয়ে জব্দ কৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vo9jTtU
via IFTTT

Comments