ঢকুৱাখনাত অচল হৈ পৰি ৰৈছে কোটি টকীয়া জলসিঞ্চন আঁচনি

ডিজিটেল সংবাদ ,ঢকুৱাখনা : গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে যি সময়ত ৰাজ্য চৰকাৰে কৃষি কৰ্ম আৰু কৃষি নিৰ্ভৰ চৰকাৰী আঁচনি সমূহৰ উজ্জীৱিত কৰণত যথোচিত গুৰুত্ব প্ৰদান কৰিছে। তেনে সময়তে ঢকুৱাখনা মহকুমাৰ এখন কৃষি সম্পৃক্ত আঁচনিয়ে বিভাগীয় বঞ্চনাৰ বাবেই তিল তিলকৈ মৃত্যুৰ ক্ষণ গনিছে। বিগত চাৰিটা দশকৰ পূৰ্বে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ কৃষিজীৱী ৰাইজৰ সহায়ক হোৱাকৈ জলসিঞ্চন বিভাগে হাৰ্হি গাঁও পঞ্চায়তৰ থেকেৰেগুৰিত প্ৰতিষ্ঠা কৰিছিল এখন জলসিঞ্চন আঁচনি ।
ঢকুৱাখনা জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ এইখন আঁচনিৰ নিৰ্মাণ আৰু কৃষকৰ কৃষি ভূমিলৈ পানী বোৱাই নিবৰ বাবে নলা নিৰ্মাণৰ নামত বিগত তিনিটাৰো অধিক কাল বিভাগে কোটি কোটি টকা ব্যয় কৰিলে ঠিকেই। পিছে এই আঁচনিৰ পানী এদিনো কৃষকৰ পথাৰলৈ এটুপিও নগ’ল । প্ৰতিষ্ঠাকালীন কালৰে পৰা আজি পৰ্যন্ত জলসিঞ্চন বিভাগৰ এইটো কোটি টকীয়া প্ৰকল্প কোনো দিনেই কাৰ্য্যকৰী হৈ নুঠিল আৰু কৃষকৰ উপযোগী হোৱাকৈ প্ৰবাহিত নহল এটুপি পানী ।
বিপৰীতে এইখন আঁচনিৰ বাৱে কোটি টকাৰ যন্ত্ৰ-পাতি, পানী যোৱা পাইপ, জলসিঞ্চনৰ বাবে পকী নলা আদি সঠিক ভাবেই নিৰ্মাণ কৰা হৈছিল । তাৰোপৰি এই আচঁনিখনৰ সফল পৰিচালনাৰ বাবে বহু কেইগৰাকী কৰ্মচাৰী নিযুক্ত হৈ আছিল আৰু আছেও । কিন্তু কেৱল বিভাগীয় গুৰুত্বহীনতা আৰু বেপৰোৱা দৃষ্টিভংগীৰ বাবে মৃত্যুমুখী ৰূপ লোৱা এইখন আঁচনিৰ এনে কেইবা দশক জোৰা অচলাৱস্থাৰ দোহাই দি এইসকল কৰ্মচাৰীৰ মুখ দেখিবলৈ নোপোৱা হল অঞ্চলবাসী ।
পৰিণতিত আঁচনিখনৰ ব্যয়বহুল যন্ত্ৰপাতি , নলা, পানী মজুত ভঁৰাল , গৃহ , পানী পথাৰলৈ যোৱা পকী নলা সকলো মামৰে খাই ,ভাগি জহি পঁচি বিনষ্ট হোৱাৰ সমান্তৰাল ভাৱে পকী নলা সমূহত গছ বিৰিশ গজি হাবি সদৃশ পৰিবেশৰ সৃষ্টি হল । এক কথাত তিনি দশক জোৰা অচলাৱস্থাই এই অভিলাসী প্ৰকল্পটোক কেৱল চৰকাৰী পুঁজি উদৰস্থ কৰাৰ এক নিষ্ক্ৰিয় কাৰখানা হিচাবেহে জনদৃষ্টিত দাঙি ধৰি আহিছে ।
কৃষকৰ মাজত প্ৰভূত প্ৰয়োজনীয়তা থকা স্বত্তেও জলসিঞ্চন বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে তিতা লাও গজা এইটো ভোট বঙলা সদৃশ আঁচনিৰ গৃহ এতিয়া বনৰীয়া জীৱ কুলৰ নিৰাপদ আশ্ৰয় থলী হিচাবে ব্যৱহৃত হৈ আহিছে। আঁচনিখন কাৰ্যক্ষম কৰি চহা কৃষকৰ উপকাৰত আনিবলৈ বাৰম্বাৰ ৰাইজে বিভাগক আবেদন জনায়ো সুদুত্তৰ নাপালে ।
পৰৱৰ্তী সময়ত এজন চহাই এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীলৈকো পত্ৰ প্ৰেৰণ কৰি হস্তক্ষেপ কামনা কৰিছিল । পিছে এইপাত অস্ত্ৰয়ো কামত নিদিলে । কেৱল চৰকাৰী পুঁজি উদৰস্থ কৰিবলৈ কাগজে পুত্ৰই জীয়াই থকা এইখন আঁচনি আজিৰ দিনত বৃহত্তৰ পশ্চিম মাছখোৱাবাসীৰ বাবে মূৰ কামোৰণী সদৃশ হৈ পৰিছে । যিসময়ত এটুপি পানীৰ বাবে কৃষকে হাঁহাকাৰ কৰি কৃষি কৰ্মত হাত দিব পৰা নাই সেই সময়ত চৰকাৰী অবিবেচকী নীতি আৰু ভ্ৰূষ্টাচাৰৰ নগ্ন স্বৰূপ উদঙাই এইখন আঁচনিয়ে যুগ যুগ ধৰি কৰি অহা বঞ্চনাত কৃষক ৰাইজ ক্ষুব্ধ আৰু অসন্তুষ্ট ।
কৃষি জীৱী ৰাইজৰ স্পষ্ট দাবী চৰকাৰী পুঁজি গোগ্ৰাখে উদৰস্থ কৰিবলৈ আচঁনিখন কেৱল ফাইলৰ মাজত জীয়াই নাৰাখি কৃষক ৰাইজ উপকৃত হোৱাকৈ প্ৰকৃত উদ্দেশ্য সিদ্ধিত বিভাগে মনোনিবেশ কৰক । অন্যথাই বগা হাতীলৈ পতিত হোৱা এইখন অৰ্থহীন ,অচল আঁচনি কৃষক আৰু ক্ষুব্ধ ৰাইজে উচ্ছেদ কৰিবলগীয়া হলে তাৰ বাবে জগৰীয়া হব জলসিঞ্চন বিভাগৰ অন্ধ মুনি স্বৰূপ বিষয়া কৰ্মচাৰী সকল হব বুলিও অন্তিম বাৰৰ বাবে সকীয়াই দিছে।
আৰু পঢ়ক: নাৰায়নপুৰত নিশা ডকাইতি কাণ্ড, দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/W5PurNY
via IFTTT
Comments
Post a Comment