ফুলগুৰি গড়মূৰত বৰনামঘৰৰ মনিকূটৰ সিংহাসন প্ৰতিষ্ঠা…

ডিজিটেল সংবাদ, বেবেজীয়া : ১৯০৫ চনত স্থাপন কৰা নগাওঁ জিলাৰ ফুলগুৰিৰ গড়মূৰ বৰনামঘৰৰ শুকুৰবাৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পুনৰ নিৰ্মাণ কৰা মনিকূটৰ সিংহাসন প্ৰতিষ্ঠা কৰা হয় । পুৱা জন্মাষ্টমী উপলক্ষে ধৰ্মধ্বজা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন্দ্ৰজিৎ বৰাই, স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জীৱন শইকীয়াই, বন্তি প্ৰজ্বলন কৰে পুতুল শইকীয়াই। খোল-প্ৰসংগ, নাম প্ৰসংগ আদিৰ পাছতে দহ লাখ টকা ব্যয়ৰে পুনৰ নিৰ্মাণ কৰা মনিকূটৰ সিংহাসন প্ৰতিষ্ঠা কৰে ননৈৰ ফুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ দীলিপ গোস্বামীয়ে ।


দুপৰীয়া ৰাজহুৱা নাম প্ৰসংগ, প্ৰসাদ বিতৰণিৰ পাছতে “স্নেহবন্ধন” নামৰ এক চিনাকী আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক তিলক বৰাই আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ পুৰণি এই নামঘৰটোৰ ১১৭ বছৰৰ পাছত অসম চৰকাৰৰ” অসম দৰ্শন আঁচনিৰ ” দুই লাখ টকাৰ লগতে বহু ভক্ত প্ৰাণ ৰাইজৰ দান বৰঙণিৰে মুঠ ১০,৯,১২১ টকা ব্যয়ৰে মনিকূট ভাগ নিৰ্মাণ কৰা হৈছে যদিও এই ক্ষেত্ৰত ফুলগুৰিৰ জি এন ইলেকট্ৰনিক্সৰ স্বত্বাধিকাৰ গৌতম ডেকাই দুই লাখ টকাৰ অনুদান দি যি মহান কৰ্মৰ পৰিচয় দিয়াৰ বাবে নামঘৰতেই ৰাজহুৱা ভাৱে গৌতম ডেকাক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, গছপুলিৰে সম্বৰ্ধনা জনোৱা হয় ।

মনিকূট নিৰ্মাণৰ বাবে অৰ্থসাহায্য আগবঢ়োৱা বহুকেইটা পৰিয়ালক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত চমু ভাষণ প্ৰদান কৰি কয় – ” দান দুই প্ৰকাৰৰ । এটা অনুষ্ঠানত প্ৰতিজন লোকৰ অংশগ্ৰহণৰ বাবেই অনুষ্ঠানটোৰ সফল সামৰণি হয় । দান দুইপ্ৰকাৰৰ শাৰীৰিক আৰু অৰ্থ ।‌এই দুয়োটাৰ ফলতেই যি কোনো অনুষ্ঠান গঢ়ি উঠে । সভাতেই গৌতম ডেকাক গঢ়মূৰ বৰনামঘৰৰ সমাজৰ লোক বুলি স্বীকৃতি প্ৰদান কৰা হয় । বিয়লি বন্তি প্ৰজ্বলনৰ পাছতে আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিবেশন কৰা হয় ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xyFUheQ
via IFTTT

Comments