দেশজুৰি আৰম্ভ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী, ‘প্ৰভাত ফেৰী’ কাৰ্যসূচীত অংশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল ডেস্ক : আজি ১৩ আগষ্ট। আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ’ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে। শনিবাৰে পুৱা মহানগৰীৰ কামৰূপ একাডেমী স্কুলৰ প্ৰভাত ফেৰী কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত তিনিওদিনেই ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰি ৰাখিব পাৰিব। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ খানাপাৰা খেলপথাৰতো কটকটীয়া নিৰাপত্তাৰে স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে। পেৰেডত ব্যস্ত হৈ পৰিছে আৰক্ষী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী।
আৰু পঢ়ক : কৌশিক কুমাৰ সন্দিকৈৰ পৰিচালনাৰে সত্ৰীয়া নৃত্যৰ শৈলীত “চম্পাৱতীৰ কথাৰে” নৃত্য নাটিকা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Y1K8Nrs
via IFTTT
Comments
Post a Comment