এ পি এছ চি কেলংকাৰীঃ পুনৰ দুজনলৈ জাননী জাৰি কৰিলে বিপ্লৱ শৰ্মাৰ তদন্ত আয়োগে…

ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলংকাৰীৰ তদন্ত আয়োগে পুনৰ দুগৰাকীলৈ জাৰি কৰিছে জাননী। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগে তদন্ত অব্যাহত এই কেলেংকাৰীৰ সন্দৰ্ভত ইতিমধ্যে এগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়াকৈ আয়োগে প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মা আৰু অসম লোক সেৱা আয়োগৰ সদস্য বসন্ত দলেলৈ জাননী প্ৰেৰণ কৰিছে। বিভা শৰ্মাৰ পুত্ৰ অভিষেক বৰবৰাই ২০১৩ বৰ্ষত অসম লোক সেৱা আয়োগৰ ফালৰ পৰা নিযুক্তি লাভ কৰিছিল। উল্লেখ্য যে ২০১৪ বৰ্ষৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল বিভা শৰ্মা।

পূৰ্বে আৰক্ষীয়ে এই কেলংকাৰী সন্দৰ্ভত অভিষেক বৰবৰাক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে বসন্ত দলেকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আনহাতে কেইদিনমান পূৰ্বে বিপ্লৱ শৰ্মা আয়োগে নন্দ বাবু সিঙলৈও জাননী প্ৰেৰণ কৰিছিল। এইগৰাকী নন্দ সিঙ বাবুৰ জীয়ৰীয়ে ২০১৪ বৰ্ষত লাভ কৰিছিল এ পি এছ চিৰ চাকৰি। নন্দ বাবু সিঙৰ কন্যাই পৰীক্ষা দিয়াৰ বাবে দায়িত্ব দিয়া হৈছিল বিভা শৰ্মাক।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5oUvaBh
via IFTTT

Comments