নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ২ কিশোৰীৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ , ধেমাজি : সোমবাৰে ধেমাজি জিলা মাছখোৱা লাইপুলীয়া নৈৰ মাছখোৱা চাৰি আলিৰ হৰিমন্দিৰ ঘাটত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয়। শিখামনি দেবী সিং আৰু মেনকা দাসৰ মৃতদেহ মঙলবাৰে এচ ডি আৰ এফৰ বাহিনীয়ে উদ্ধাৰ কৰে ৷

উল্লেখ্য যে সোমবাৰে বিয়লি উৎকট গৰমত নৈত সাঁতুৰি থাকোতেই লাইপুলীয়াৰ দ’ পানীত পৰি সোঁতত উটি গৈছিল দুই কিশোৰী ছাত্ৰী ৷ সৌভাগ্যক্ৰমে লগত যোৱা আন তিনিগৰাকী কিশোৰী ছাত্ৰী কথমটিয়ে ৰক্ষা পৰে ৷ ঘটনাৰ সন্ধিয়া এচ ডি আৰ এফৰ বাহিনীয়ে উদ্ধাৰ অভিযানত লাগে যদিও বেছি ৰাতি হৈ যোৱা বাবে উদ্ধাৰৰ কাৰ্য সামৰণি মাৰিছিল ৷

পুনৰ মঙলবাৰে স্থানীয় ৰাইজৰ সহযোগত এচ ডি আৰ এফৰ উদ্ধাৰকাৰী বাহিনীয়ে পুৱা ৬ বজাৰ পৰাই দুই কিশোৰীক ছাত্ৰীক উদ্ধাৰৰ অভিযান চলায়। অৱশেষত ঘটনাস্থলীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ উৰিয়াম গুৰি দলঙৰ কাষত গৈ দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰে এচ ডি আৰ এফৰ উদ্ধাৰকাৰী দলটিয়ে ৷

আৰু পঢ়ক: ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত মহিলা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/r0Wh1N8
via IFTTT

Comments