আজি ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, পুৱা ১০ বজাৰ পৰা আৰম্ভ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা…

ডিজিটেল ডেস্ক : আজি অনুষ্ঠিত হ’ব চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা। প্ৰথম ভাগত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। দ্বিতীয় ভাগত ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। এইক্ষেত্ৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪,৪৩,৬৫৫ গৰাকী পৰীক্ষাৰ্থী।
উল্লেখ্য যে ২৫খন জিলাত অনুষ্ঠিত হ’ব আজিৰ এই চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ২৫ জিলাত পুৱাৰে পৰা কৰ্তন ইন্টাৰনেট সেৱা। সাজু হৈছে ৰাজ্য চৰকাৰ, প্ৰশাসন ব্যৱস্থা। তৃতীয় -চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তিনি দিনীয়াকৈ ৰাজ্যৰ ৩০ খন জিলাত অনুষ্ঠিত হ’ব বাচনি পৰীক্ষা।
উল্লেখ্য যে জিলা সমূহৰ প্ৰশাসনে পৰীক্ষা কেন্দ্ৰৰ ১০০ বৰ্গ মিটাৰ ব্যাসাৰ্ধত জাৰি কৰিছে ১৪৪ ধাৰা আৰু পৰীক্ষাৰ সময়ত ৪ ঘণ্টা বাবে বন্ধ ৰাখিব ইণ্টাৰনেট সেৱা ৷ কোনোধৰণৰ বেমেজালিৰ যাতে সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rzKhowg
via IFTTT
Comments
Post a Comment