ক্ষমা নাই! খোদ প্ৰধানমন্ত্ৰীৰে উঠিল খং, বহিস্কাৰ হ’ব এজন বিজেপি বিধায়ক

ডিজিটেল ডেস্কঃ পৌৰ নিগমৰ বিষয়াক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰি ৰঙাঘৰত সোমাইছিল বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়। জ্যেষ্ঠ বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ হোৱাৰ বাবে বিধায়কজন ৰঙাঘৰত সোমোৱাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। মঙলবাৰে দলীয় বৈঠকত নেতাজন গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগত মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে দলৰ ক্ষতি কৰিব পৰা কাম কৰা যিকোনো লোককে দলৰ পৰা বহিস্কাৰ কৰা হ’ব বুলি মন্তব্য কৰে। তেখেতে কয় যে, যাৰে পুত্ৰ নহওক অসৎ কামৰে জড়িত হ’লে সেইজন লোকৰ বিৰুদ্ধে দলে ব্যৱস্থা লবই। বৈঠকৰ পিছতে বিজেপি নেতা ৰাজীৱ প্ৰকাশ ৰেড্ডীয়ে সংবাদমাধ্যমত মন্তব্য ৰাখি কয় যে, ‘প্ৰধানমন্ত্ৰীক অসন্তুষ্ট হোৱা দেখা গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল, ৰাইজৰ সন্মুখত দলৰ ক্ষতি কৰিব পৰা কাম কৰিবলৈ কাৰো অধিকাৰ নাই। এনেকুৱা কাম কোনো দিনে মানি ল’ব নোৱাৰি।’
ইফালে এক সূত্ৰই সদৰি কৰা অনুসৰি আকাশ বিজয়বৰ্গীয়ক জে’লৰ পৰা ওলোৱা সময়ত যিসকল লোকে অভিনন্দন জনাইছিল সেইসকল লোকৰ বিৰুদ্ধেও প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা লোৱাৰ কখা সদৰি কৰিছে। উল্লেখ্য যে, ইন্দোৰত পৌৰ নিগমৰ বিষয়াক ক্ৰিকেট বেটেৰে আক্ৰমণ চলোৱাৰ বাবে ২৬ জুনত বিজেপি বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। ভুপাল বিশেষ ন্যায়ালয়ে যোৱা শনিবাৰে তেওঁ জনোৱা জামিন আৱেদন মঞ্জুৰ কৰিছিল।
The post ক্ষমা নাই! খোদ প্ৰধানমন্ত্ৰীৰে উঠিল খং, বহিস্কাৰ হ’ব এজন বিজেপি বিধায়ক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RN3yWV
via IFTTT
Comments
Post a Comment