ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবেই আজি মেচত নামিব ভাৰত
ডিজিটেল সংবাদঃ ক্ৰিকেট বিশ্বকাপত আজি বাৰ্মিংহামত ভাৰত আৰু বাংলাদেশৰ মাজত মেচ। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতক দৰকাৰ মাত্ৰ এটা পইণ্টৰ। আজি ভাৰতে বাংলাদেশক পৰাস্ত কৰি সম্পূৰ্ণ ২ পইণ্ট অৰ্জনেৰে ছেমি ফাইনেলত প্ৰৱেশৰ হেতু মেচত নামিব। ফেভাৰিট হিচাপে মেচত নামিব লগীয়া ভাৰতে পূৰ্বৰ মেচসমূহৰ দৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ বেটিঙৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব।আনহাতে, বুমৰাহ, ছামী, কুলদীপ, চহলৰ বলিঙে বাংলাদেশৰ বেটিং লাইনআপক বিধ্বস্ত কৰিব বুলি ভাৰতে আশা কৰিছে।
ইফালে,বাংলাদেশে ফৰ্মত থকা অলৰাউণ্ডাৰ ছাকিব এল হাছানৰ প্ৰদৰ্শনৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব।বাংলাদেশৰ বেটিঙৰ মূল শক্তি তামিম ইকবাল, সৌম্য চৰকাৰ,লিটন দাস, মুছফিকুৰ ৰহিম। বাওঁহতীয়া বেগী ব’লাৰ মুস্তাফিজুৰ ৰহমানে ভাৰতৰ সন্মুখত কঠিন প্ৰত্যাহ্বান ঠিয় কৰাব বুলি বাংলাদেশে আশা কৰিছে।
The post ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবেই আজি মেচত নামিব ভাৰত appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2xqUDBe
via IFTTT

Comments
Post a Comment